কাজিৰঙাত যুৱ ছাত্ৰ পৰিষদৰ অৱস্থান ধৰ্মঘট।

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ৯ জানুৱাৰী: নাগৰিকত্ব সংশোধনী আইন বাতিল আৰু অসমত আন্ত:ৰাজ্যিক পাৰপত্ৰ প্ৰদানৰ দাবীত কাজিৰঙাত অসম জাতীয়তাবাদী যুৱছাত্ৰ পৰিষদৰ অৱস্থান ধৰ্মঘট ৷কাজিৰঙাৰ কহঁৰাত পৰিষদৰ বোকাখাত জিলা সমিতিয়ে “কা” বাতিলৰ লগতে অসমত আন্ত:ৰাজ্যিক পাৰপত্ৰ প্ৰৱৰ্তনৰ দাবী জনাই ৷কা আন্দোলনৰ আৰম্ভণিতে একাংশ শিল্পীয়ে আন্দোলনৰ অগ্ৰণী ভূমিকা লৈ পাছলৈ ৰাজনৈতিক দলত যোগদানৰ সন্দৰ্ভত যুৱছাত্ৰ পৰিষদৰ মন্তব্য যে পৰিষদে আৰম্ভৰে পৰা “কা”ৰ বিৰোধিতা কৰি আহিছে আৰু কৰি যাব ৷লগতে তেওঁলোকে বিদ্যাসাগৰে কৰা মন্তব্যক ধিক্কাৰ দিয়ে ৷এই ক্ষেত্ৰত শিল্পী জুবিন গাৰ্গৰ স্থিতিক শলাগ লয় যুৱছাত্ৰ পৰিষদে ৷আনহাতে অসমত আঞ্চলিক ৰাজনৈতিক দলৰ পোষকতা কৰি যুৱছাত্ৰ পৰিষদে প্ৰকাশ কৰে যে আছু আৰু এ.জে.ৱাই.চি.পিৰ ঔৰসত জন্ম গ্ৰহণ কৰা অসম জাতীয় পৰিষদক অসম জাতীয়তাবাদী যুৱছাত্ৰ পৰিষদে সমৰ্থন আগবঢ়াই যাব।

Leave a Reply

Your email address will not be published. Required fields are marked *