ন্যায়ালয়ৰ নিৰ্দেশনা অৱমাননা কৰি কাজিৰঙাৰ এনিমেল কৰিডৰত অবৈধ নিৰ্মাণ

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ৬ জানুৱাৰী: ন্যায়ালয়ৰ নিৰ্দেশনা অৱমাননা কৰি কাজিৰঙাৰ এনিমেল কৰিডৰত অবৈধ নিৰ্মাণ । বন্য-জন্তুৰ অহা যোৱাত বাধাৰ সৃষ্টি কৰি নিৰ্মাণ কাৰ্য চলাইছে কাজিৰঙাৰ হালধিবাৰীত গ্ৰীণ আছিয়ানা হোটেল কৰ্তৃপক্ষই। উল্লেখ যে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যজন্তু ৰাষ্ট্ৰীয় উদ্যানখনৰ দক্ষিণ দিশৰ কাৰ্বি পাহাৰলৈ আহ-যাহ কৰাটো এটা স্বাভাৱিক প্ৰক্ৰিয়া ৷বিশেষ ভাৱে বানৰ সময়ত আশ্ৰয় আৰু খাদ্যৰ সন্ধানত ৰাষ্ট্ৰীয় উদ্যানৰ বন্যজন্তু গতি কৰে কাৰ্বি পাহাৰলৈ ৷এনেক্ষেত্ৰত বন্যজন্তুৱে সাধাৰণতে ব্যৱহাৰ কৰা স্থান সমূহ এনিমেল কৰিডৰ হিচাবে চিহ্নিত কৰিছে চৰকাৰে ৷ইতিমধ্যে সৰ্বোচ্চ ন্যায়ালয়ে এই কৰিডৰ সমূহত যিকোনো নিৰ্মাণ কাৰ্য নিষিদ্ধ কৰিছে ৷তাৰ পাছতো সৰ্বোচ্চ ন্যায়ালয়ৰ নিৰ্দেশ অমান্য কৰি একাংশই কৰিডৰত চলাইছে নিৰ্মাণ কাৰ্য ৷শেহতীয়াকৈ কাজিৰঙাৰ গোলাঘাট জিলাৰ অন্তৰ্গত হালধিবাৰীত গ্ৰীণ আচিয়ানা নামৰ ধাৱাখনৰ পৰিসৰ বৃদ্ধিৰ বাবে কৰিডৰ এলেকাত নিৰ্মাণ কাৰ্য চলোৱাক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই ৷উদ্যান কৰ্তৃপক্ষৰ পৰা জানিব পৰা মতে নিৰ্মাণ কাৰ্য চলি থকা স্থানৰ এটা জুৰিৰ ওপৰত পকী বেৰ নিৰ্মাণৰ ফলত বানৰ সময়ত এটা হাতী আৱদ্ধ হৈ পৰিছিল ৷ লগতে, বন্যপ্ৰাণী অহা যোৱা কৰা পথত নিৰ্মাণ কৰিছে হোটেল। গতিকে উদ্যান কৰ্তৃপক্ষই বেৰ আৰু হোটেল গৃহ নিৰ্মাণ নকৰিবলৈ পত্ৰযোগে জনোৱাৰ পাছতো গুৰুত্ব প্ৰদান নকৰিলে গ্ৰীণ আচিয়ানা কৰ্তৃপক্ষই ৷বৰ্তমান ৰাজহ বিভাগৰ হাতত থকা এলেকাটোত বনবিভাগে হস্তক্ষেপ কৰাৰ কৰ্তৃত্ব নথকাত জিলা প্ৰশাসন সমগ্ৰ বিষয়টো অৱগত কৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই ৷

Leave a Reply

Your email address will not be published. Required fields are marked *