কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আৰম্ভ টাইগাৰ মনিটৰিং‌

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ৬ জানুৱাৰী: কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আৰম্ভ টাইগাৰ মনিটৰিং‌। কাজিৰঙা ব্যাঘ্ৰ প্ৰকল্পৰ অধীনৰ পূব অসম, নগাওঁ,বিশ্বনাথ বন সংমণ্ডল এলেকাত পৰ্যায়ক্ৰমে চলিব টাইগাৰ মনিটৰিং। ইয়াৰ বাবে দুটা খণ্ডত বিভক্ত কৰি প্ৰথম খণ্ডত ১৪৭ আৰু দ্বিতীয় খণ্ডত ১২০ টা ক্লজ মনিটৰিং কেমেৰা স্থাপন কৰিছে বন বিভাগে। বুধবাৰে পুৱা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অগৰাতলি বনাঞ্চলত আৰম্ভ কৰা টাইগাৰ মনিটৰিং হ’ব ব্যাঘ্ৰ প্ৰকল্পৰ প্ৰায় ১০০০ বৰ্গ কিলোমিটাৰ এলেকাত। প্ৰতি ৩০-৩৫ দিনৰ ভিতৰত কেমেৰা সমূহৰ পৰা তথ্য সংগ্ৰহৰ ব্যৱস্থা কৰা হৈছে। প্ৰতিটো কেমেৰাই সামৰি লব ২ বৰ্গ কিলোমিটাৰ এলেকা। প্ৰতিটো কেমেৰাতে বাঘ, নাহৰফুটুকী, ভালুক আদিৰো ছবি অাবদ্ধ হ’ব। উল্লেখ্য যে কাজিৰঙা ব্ৰাঘ্ৰ প্ৰকল্প এলেকাত একে স্থানতে চাৰিটা প্ৰাপ্তবয়স্ক বাঘ পোৱাৰো উদাহৰণ আছে। আনহাতে সমগ্ৰ ভাৰতৰ ২০১৪-১৮ চনৰ তথ্য মতে ভাৰতৰ ৫০ খন ব্যাঘ্ৰ প্ৰকল্পৰ ভিতৰত কাজিৰঙা চতুৰ্থ স্থানত‌। কাজিৰঙাৰ বিপৰীতে দ্বিতীয় স্থানত আছে কৰ্ণাটক। ২০২২ ত প্ৰকাশ পাবলগীয়া পৰৱৰ্তী প্ৰতিবেদনত কাজিৰঙাই দ্বিতীয় স্থান পাব বুলি আশা ব্যক্ত কৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক পি শিৱকুমাৰে‌। কাজিৰঙা ব্ৰাঘ্ৰ প্ৰকল্পৰ পূৰ্বৰ টাইগাৰ মনিটৰিঙৰ তথ্যমতে পূব অসম বন্যপ্ৰাণী সংমণ্ডলত ১০৯ টা, বিশ্বনাথ বন্যপ্ৰাণী সংমণ্ডলত ৮টা আৰু নগাওঁ বন্যপ্ৰাণী সংমণ্ডলত ৩ টা বাঘৰ উপস্থিতি ধৰা পৰিছে‌।

Leave a Reply

Your email address will not be published. Required fields are marked *