কাজিৰঙাৰ প্ৰথমগৰাকী সাংবাদিক বাপকণ দাসক তৃতীয় মৃত্যু বাৰ্ষিকীত সোঁৱৰণ

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ২২ ডিচেম্বৰঃ কাজিৰঙাৰ প্ৰথমগৰাকী সাংবাদিক, শিক্ষক, সমাজকৰ্মী বাপকণ দাসক আজি তৃতীয় মৃত্যু বাৰ্ষিকীত কাজিৰঙাত শ্ৰদ্ধাৰে সোঁৱৰণ কৰা হয়। কাজিৰঙা আঞ্চলিক সাংবাদিক সন্থাৰ উদ্যোগত কাজিৰঙা প্ৰেছ ক্লাবৰ বাকৰিত প্ৰয়াত সাংবাদিকগৰাকীৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰা হয়। কাজিৰঙা আঞ্চলিক সাংবাদিক সন্থাৰ কাৰ্যকৰী সভাপতি ধ্ৰুৱজ্যোতি সাহাই আঁত ধৰা অনুষ্ঠানত সন্থাৰ সভাপতি নীলপদ্ম শৰ্মা আৰু সাধাৰণ সম্পাদক ৰঞ্জিত ৰজকে বন্তি প্ৰজ্বলন কৰে। প্ৰয়াত বাপকন দাসৰ দুই সুযোগ্য পুত্ৰ অৱসৰপ্ৰাপ্ত বনবিষয়া দিলীপ দাস আৰু পৰ্যটন কৰ্মী দীপক দাস এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত থাকে। ইপিনে, কাজিৰঙা আঞ্চলিক সাংবাদিক সন্থাৰ দেৱাশীষ বৰা, বিতোপন বৰা, চিদান্দন ধৰ, ৰাজেশ বেলোৱাৰ, মনোজ প্ৰতিম শইকীয়া, কিষ‍াণ চেত্ৰী, ইমৰাণ আলী উপস্থিত থাকি প্ৰয়াত সাংবাদিকগৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *