বোকাখাতত কাঠফুলা খেতিৰ প্ৰশিক্ষণ সম্পন্ন

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ১১ ডিচেম্বৰ: অসম কাঠফুলা উৎপাদক সন্থা, স্বেচ্ছাসেৱী সংগঠন “নিকা”ৰ উদ্যোগত নুমলীগড শোধনাগাৰৰ সৌজন্যত আজি বোকাখাতৰ যুগলআটি সমূহীয়া ভবনত দিন জোৰা কাঠফুলা খেতিৰ প্ৰশিক্ষণ অনুষ্ঠিত হয়। ৩০গৰাকী পুৰুষ মহিলাই প্ৰশিক্ষণ লোৱা অনুষ্ঠানৰ আতধৰে সমন্বয়ক তথা নিকাৰ সম্পাদক প্ৰমোদ হাজৰিকাই।কাজিৰঙা লাইভৰ মুখ্য সম্পাদক তথা জেষ্ঠ সাংবাদিক ভবানন্দ কলিতাই উদ্বোধন কৰা প্ৰশিক্ষণত সমল ব্যক্তি হিচাবে বোকাখাত মহকুমা কৃষি বিভাগৰ বিষয়া সত্যৰঞ্জন বৰুৱা, ৰমেন বসুমতাৰী, প্ৰগতিশীল কাঠফুলা খেতিয়ক জুলি গগৈ উপস্থিত থাকে।সমান্তৰালকে অনুষ্ঠানত গোবিন গগৈ, বিজিত শইকীয়া আদি উপস্থিত থাকে সভাৰ সৌষ্ঠৱ বৃদ্ধি কৰে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *