বোকাখাতত উদ্দীপনা সংঘৰ ৰূপালী জয়ন্তী উদযাপন আৰু মুখপত্ৰ উন্মোচন। আৰ্থিকভাৱে স্ব-নিৰ্ভৰশীল হ’বৰ বাবে মহিলা সকলে অধিক প্ৰশিক্ষণ লোৱাৰ প্ৰয়োজন’ -ড° গায়ত্ৰী বৰা কাকতি

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ৯ নৱেম্বৰঃ গোলাঘাট জিলা তথা উজনি অসমৰ ক্ৰীড়া, সামাজিক, সাংস্কৃতিক ক্ষেত্ৰৰ অন্যতম অগ্ৰণী মহিলাসকলৰ অনুষ্ঠান উদ্দীপনা সংঘ, বোকাখাতৰ যোৱা ৮ নৱেম্বৰত ৰূপালী জয়ন্তী আৰু মুখপত্ৰ উন্মোচনী অনুষ্ঠান অনুষ্ঠিত হৈ যায়। বোকাখাত শংকৰদেৱ শিশু বিদ্যানিকেতনৰ ভৱনত অনুষ্ঠিত অনুষ্ঠানৰ পুৱা পতাকা উত্তোলন কৰে উদ্দীপনা সংঘৰ সভানেত্ৰী অঞ্জনা গগৈয়ে। উদ্দীপনা সংঘৰ সম্পাদিকা তথা কুঠৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষাতত্বৰ বিষয় শিক্ষয়িত্ৰী শেৱালী খনিকৰ বৰাই আঁত ধৰা মূল সভাৰ সভাপতিত্ব কৰে উদ্দীপনা সংঘৰ প্ৰতিষ্ঠাপক সভানেত্ৰী তথা বৰ্তমানৰ উপদেষ্টা মামনি বৰুৱাই। কভিড প্ৰটকল মানি অনুষ্ঠিত সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে সম্পাদিকা শেৱালী খনিকৰ বৰাই। অনুষ্ঠানৰ সত্ৰীয়া নৃত্য পৰিৱেশন কৰে সমৃদ্ধি খাউণ্ড, জিজ্ঞাশ্ৰী ভূঞাই। সভাত সংঘৰ লক্ষ্য উদ্দেশ্যৰ লগতে বিগত একুৰি পাঁচটা বৰ্ষত উদ্দীপনা সংঘই জিলাখনৰ শিশু আৰু মহিলাৰ মাজত অনুষ্ঠিত কৰি অহা বিভিন্ন সাংস্কৃতিক, সামাজিক আৰু ক্ৰীড়াৰ অনুষ্ঠান আৰু প্ৰতিযোগিতা তথা বিভিন্ন কাম কাজ সমূহৰ বিশদ খতিয়ান ডাঙি ধৰি বক্তব্য ৰাখে ক্ৰমে সংঘৰ সভানেত্ৰী অঞ্জনা গগৈ, প্ৰাক্তন সম্পাদিকা লক্ষণা দাস, ভূষণা দাসে। সভাত শেৱালী খনিকৰ বৰাই সম্পাদনা কৰা সংঘৰ মুখপত্ৰ ‘উদ্দীপনা’ উন্মোচন কৰি কমাৰগাঁও মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ অধ্যাপিকা ড° গায়ত্ৰী বৰা কাকতিয়ে উন্মোচনী ভাষণ প্ৰদান কৰি কয় যে আৰ্থিকভাৱে স্ব-নিৰ্ভৰশীল হ’বৰ বাবে মহিলা সকলে অধিক প্ৰশিক্ষণ লোৱাৰ প্ৰয়োজন, কিয়নো আৰ্থিক স্বাৱলম্বিতাই মহিলাক আগবাঢ়ি যোৱাত সবল কৰি তোলে। অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিতি উপস্থিত থাকি বক্তব্য প্ৰদান কৰে ক্ৰমে বোকাখাত লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী পুতলী খাউণ্ড, বোকাখাত প্ৰেছ ক্লাৱৰ সভাপতি তথা কাজিৰঙা লাইভৰ মুখ্য সম্পাদক ভৱানন্দ কলিতা আৰু বিশিষ্ট সমাজকৰ্মী তথা সংস্কৃতিৰ সাধক তিলোৰাম কলিতাই। অনুষ্ঠানত আৰু বক্তব্য প্ৰদান কৰে কবি-সাংবাদিক অজন্তা তালুকদাৰে। অনুষ্ঠানত নুমলীগড় জুনিয়ৰ কলেজৰ বিষয় শিক্ষয়িত্ৰী ঊষাজোন ফুকন, বোকাখাত মহকুমা কবি সন্মিলনৰ সম্পাদক মনালিছা শইকীয়া, বোকাখাত শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ প্ৰধান আচাৰ্য দিব্যজ্যোতি গোস্বামীকে ধৰি বহু সংখ্যক স্থানীয় গণ্যমান্য ব্যক্তিৰ লগতে উদ্দীপনা সংঘৰ বিষয় ববীয়া আৰু সদস্যা সকল উপস্থিত থাকে। শেষত শলাগৰ শৰাই আগবঢ়ায় সম্পাদিকা শেৱালী খনিকৰ বৰাই।

Leave a Reply

Your email address will not be published. Required fields are marked *