কালিলৈ পৰ্য্যটকৰ বাবে মুকলি হব কাজিৰঙাৰ আগৰাতলী আৰু বুঢ়াপাহাৰ বনাঞ্চল

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ৭ নৱেম্বৰ: পৰ্যটকৰ আগমনত উদুলি মুদুলি কাজিৰঙাৰ পদুলি ৷ কভিদ প্ৰটকল পালন কৰি আঠমাহৰ অন্তত প্ৰাণ পাই উঠা কাজিৰঙাত হাতী ছাফাৰী,জীপ ছাফাৰী কৰি নৈসৰ্গিক পৰিৱেশ উপভোগ কৰিছে পৰ্যটকে ৷ বিগত ২১ অক্টোবৰত পৰ্যটকৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান মুকলিৰ হোৱাৰ পাছত কেৱল বাগৰী আৰু কহঁৰা বনাঞ্চলতজীপ চাফাৰী আৰু পহিলা নৱেম্বৰৰ পৰা কঁহৰা বনাঞ্চলত হাতীৰে পৰ্যটকে দৰ্শন কৰিব পাৰিছে কাজিৰঙাৰ সৌন্দৰ্য্য ৷চাৰিটাকৈ বানে বিস্তৰ ক্ষতিসাধন কৰা উদ্যানৰ বুঢ়াপাহাৰ আৰু অগৰাতলী বনাঞ্চল মুকলি হব কাইলৈ অৰ্থাৎ দেওবাৰে ৷ ইতিমধ্যে দুয়োখন বনাঞ্চলৰে পৰ্যটন পথ,দলং নিৰ্মাণ কৰি শেষ প্ৰস্তুতিত ব্যস্ত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ ৷ পৰিভ্ৰমী চৰাইৰ ৰম্যভূমি অগৰাতলী বনাঞ্চলৰ চহলা বিলৰ সৌন্দৰ্য্য বৰ্ধনৰ বাবে ইতিমধ্যে আহিছে বহু পৰিভ্ৰমী পক্ষী ৷ অগৰাতলী বনাঞ্চলহ কিং কব্ৰা বন শিবিৰৰ পৰা ৰঙামতীয়া বন শিবিৰলৈ মুঠ ৯ কিলোমিটাৰ অঞ্চলত পৰ্যটকে ছাফাৰী কৰিব পাৰিব বুলি মত প্ৰকাশ কৰে অগৰাতলী বনাঞ্চলৰ বনাঞ্চলিক বিষয়া গৰাকীয়ে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *