কাজিৰঙাত প্ৰয়াত শিক্ষক নৱীনচন্দ্ৰ ৰাজখোৱালৈ শ্ৰদ্ধাঞ্জলি সাংবাদিক, যুৱ ছাত্ৰ পৰিষদৰ

মনোজ প্ৰতিম শইকীয়া, কাজিৰঙা লাইভ, ৬ নৱেম্বৰ :
২০০৯ বৰ্ষৰ ৬ নৱেম্বৰত কাজিৰঙা উচ্চ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক প্ৰয়াত নৱীন চন্দ্ৰ ৰাজখোৱা এক পথ দুৰ্ঘটনাত মৃত্যু হৈছিল ৷ নৱীন ৰাজখোৱা এজন কৰ্মৰত চৰকাৰী শিক্ষকেই নহয় তেও আছিল প্ৰতিজন শিক্ষাৰ্থীৰ বন্ধু ,কিম্বা আত্মীয় ৷ইয়াৰোপৰি এজন শৃংখলাবদ্ধ ছাত্ৰৰ পথ প্ৰদৰ্শক ,এজন সুদক্ষ খেলুৱৈ ৰুপে চিনাকী আছিল শিক্ষকজনৰ ৷হাহিঁ ধেমালি কৰি ছাত্ৰ ছাত্ৰী আৰু শিক্ষকৰ মাজত ব্যৱধান হ্ৰাস কৰি যি কোনো নুবুজা কথা যিকোনো সময়ত শিকিব পৰা পৰিৱেশ গঢ়ি তুলিছিল কাজিৰঙাত ৷দীঘল হাতৰ চাৰ্ট পিন্ধা শিক্ষকজনে কোনো দিনাই হাতৰ বুটাম নামাৰিছিল ৷অকণমান মুটোকাই লৈ দুয়োহাত বতাহত নাচি থকা নাহৰৰ চিৰিলি চিৰিলি পাতবোৰৰ সতে তাল মিলাই এক বিশেষ ভংগিমাত জোকাৰি জোকাৰি গাড়িৰ পৰা নামি বিদ্যালয়ৰ সেউজীয়া ৰাস্তাটোৰে সোমাই আহিছিল তেও ৷খৰকৈ খোজ কঢ়া শিক্ষকজনৰ পাছফালৰ পৰা কোনোবাই চাৰ্টত ধৰি ৰখাবলৈ চেষ্টা কৰাৰ দৰে হয় পাছফালৰ চাৰ্টৰ চোট ৷মুখত অনবৰতে সৰলতাই জিল মিলাই থকা শিক্ষকজনৰ প্ৰাণ খোলা হাহি ৷ গণিতৰ সুত্ৰবোৰৰ লগতে শিক্ষকজনে ছাত্ৰ ছাত্ৰীক শিকাইছিল হাহিঁৰে জীৱনটোক সহজ কৰি তুলিবৰ বাবেএকো একোটা সুত্ৰ ৷যদিও শিক্ষকজন বোকাখাতৰ আছিল তথাপিতো তেখেত হৈ পৰিছিল কাজিৰঙাবাসীৰ অতিকৈ আপোন ৷মৃত্যু এটা শাশ্বত আৰু কৰূনতম শব্দ ৷ এই বিশ্বব্ৰক্ষাণ্ডত সকলো প্ৰাণীৰে জন্ম হলে মৃত্যু হবই ৷মৃত্যুও এটা শিল্প ৷ জীৱনৰ কঠিন শিলত কটা এক নিৰ্লোভ ভাস্কৰ্য্য ৷ আজি মৃত্যু তিথিত কাজিৰঙা উচ্চ মাধ্যমিক বিদ্যালয়ৰ লগতে প্ৰতিজন কাজিৰঙাবাসীয়ে তেখেতৰ আত্মাই বৈকুণ্ঠত স্থিতি লৈ শিক্ষাৰ্থী সকলৰ আশীষ হৈ থাকে তাৰ বাবে ভগবানৰ ওচৰত প্ৰাৰ্থনা জনায় ৷ ইয়াৰোপৰি প্ৰতি বছৰৰ দৰে কাজিৰঙা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ মনোজ প্ৰতিম শইকীয়া,অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ,বোকাখাত জিলা সমিতিৰ সাধাৰণ সম্পাদক তথা প্ৰাক্তন ছাত্ৰ অনন্ত গগৈ,প্ৰাক্তন ছাত্ৰ স্বৰাজ হাজৰীকাই সন্ধ্যা কাজিৰঙা উচ্চ মাধ্যমিক বিদ্যালয়ৰ চৌহদত বন্তি প্ৰজ্বলন কৰি তেখেতৰ আত্মাৰ সদগতিৰ অৰ্থে প্ৰাৰ্থনা জনায় ৷

Leave a Reply

Your email address will not be published. Required fields are marked *