বোকাখাতত নতুন হোন্দাই i20 বাহন মুকলি

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ৬ নৱেম্বৰ : বোকাখাতত কৃষ্ণা হোন্দাই মটৰছত কালি বিয়লি কোম্পানিৰ নতুনকৈ প্ৰস্তুত কৰা এখন বাহন i20 গ্ৰাহকৰ বাবে মুকলি কৰা হয়। এৰিয়া চেলছ মেনেজাৰ সৌৰভজোতি শৰ্মাই আত ধৰা বাহনখনৰ মুকলি অনুষ্ঠানত বোকাখাত প্ৰেছ ক্লাবৰ সভাপতি,কাজিৰঙা লাইভৰ মুখ্য সম্পাদক ভবানন্দ কলিতাই ফিটা কাটি গ্ৰাহকৰ বাবে মুকলি কৰি দিয়ে। নতুন মডেলৰ বাহনখন তিনিটি ভাগত ৭লাখৰ পৰা ১২লাখ টকা মূল্যৰ হব। অনুষ্ঠানত মূখ্য প্ৰবন্ধক জানু বৰবৰা, জে, দি, এছ,জি মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ডঃ বাবুলাল মৌৰ, সমাজকৰ্মী আকাশ ফুকন, জেস্ঠ সাংবাদিক বুবুল দত্ত, উত্তম শইকীয়া, নবীন গোহাঁই, সঞ্জীৱ হাজৰিকা আদিৰ লগতে একাংশ গ্ৰাহকো উপস্থিত আছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *