ব্ৰহ্মপুত্ৰৰ মাজ লহৰে চাপৰিত কমাৰগাওঁৰ আৰক্ষী অভিযান : দুধৰ্ষ গঁড় চিকাৰী লংগুটি দলেক আটক

কাজিৰঙা লাইভ, বোকাখাত ,১১ নৱেম্বৰ : বোকাখাত মহকুমাৰ কমাৰগাওঁ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ময়ুৰজিৎ গগৈৰ নেতৃত্বত যোৱা এক অভিযানকাৰী দলে বুধবাৰে লহৰে চাপৰিৰ পৰা দুধৰ্ষ গঁড় চিকাৰী লংগুটি দলেক আটক কৰিবলৈ সক্ষম হয় ৷ লংগুটি দলেৰ ঘৰ দক্ষিন মাজুলীৰ বৰুৱাচুক চাপৰিত বুলি জানিব পৰা গৈছে ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই ব্ৰহ্মপুত্ৰ নদীৰ চাপৰিত বিচৰন কৰা ভালেমান গঁড় হত্যা ঘটনাত জড়িত দুধৰ্ষ গঁড় চিকাৰী লংগুটি দলেক দীৰ্ঘ দিনৰ পৰা বিচাৰি আছিল বন বিভাগ আৰু আৰক্ষীয়ে ৷ বিগত বছৰত ব্ৰহ্মপুত্ৰৰ মাজৰ লহৰে চাপৰিত স্থানীয় লোকৰ সহযোগত কৰায়ত্ব কৰা অৰুণাচলৰ গঁড় চিকাৰী গেগম আপ’ৰ সহযোগী আছিল লংগুটি দলে ৷ গেগ’ম আপ’ৰ সহযোগত লহৰে চাপৰিত বিচৰণ কৰি ফুৰা এটা গঁড় হত্যাৰ পৰিকল্পনা কৰিছিল গেগ’ম আপ’ আৰু লংগুটিৰ দলে ৷ আৰক্ষীৰ সুত্ৰই জনোৱা মতে গঁড় হত্যাৰ বাবে অকুণাচলৰ পৰা অহা গেগ’ম আপ’ক চাপৰিত আশ্ৰয়ো দিছিল লংগুটি দলে ৷ গোপন সুত্ৰৰ আধাৰত আজি কমাৰগাওঁ আৰক্ষী থানাৰ অভিযানকাৰী দলে লহৰে চাপৰিৰ পৰা লংগুটি দলেক আটক কৰে ৷ কৰায়ত্ব কৰাৰ সময়ত আৰক্ষীৰ হাতৰ পৰা অস্ত্ৰ কাঢ়ি আক্ৰমনৰ চেষ্টা কৰিছিল লংগুটি দলেই ৷ যাৰবাবে পৰিস্থিতি নিয়ন্ত্ৰনৰ বাবে শূণ্যলৈ গুলী চলাব লগাতো পৰে আৰক্ষীৰ দলে ৷ সম্প্ৰতি বোকাখাত মহকুমাৰ কমাৰগাওঁ আৰক্ষী থানাত জেৰা চলাই থকা হৈছে দুধৰ্ষ গঁড় চিকাৰী লংগুটি দলেক ৷

Leave a Reply

Your email address will not be published. Required fields are marked *