নামেৰী বনবিভাগৰ ধাৰাবাহিক সাফল্য আটক কৰিলে চাৰিজনকৈ চোৰাং চিকাৰী

নামেৰীৰ পৰা পলিমা চেতিয়া বসুমতাৰী ,২৯ অক্টোবৰ: বুধবাৰে নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ নামেৰী বন শিবিৰ এলেকাত বন বিভাগৰ এটি দলে গোপন তথ্যৰ পম খেদি ৰাষ্ট্ৰীয় উদ্যানখনৰ ভিতৰত চাৰিজনকৈ চোৰাং চিকাৰীক হস্ত নিৰ্মিত বন্দুকৰ সৈতে আটক কৰিবলৈ সক্ষম হয় । চোৰাং চিকাৰীকেইজন ক্ৰমে কান্ত্ৰা বসুমতাৰী, কোলা বসুমতাৰী, ৰাজু বড়ো আৰু বিপিন বসুমতাৰীক ঘটনা স্থলীৰ পৰা আটক কৰাৰ লগতে দুষ্কৃতিকাৰীকেইটাৰ পৰা তিনিটাকৈ হস্ত নিৰ্মিত বন্দুক বাৰুদ সহ প্ৰায় ডেৰ কিলো হৰিণাৰ মাংস, মাছ মৰা সামগ্ৰী সহ আন আন আপত্তিজনক সামগ্ৰীৰ লগতে দুখন কাঠেৰে নিৰ্মিত হাত না‌ওঁ জব্দ কৰিবলৈ সক্ষম হয়। বন বিভাগৰ সুত্ৰ‌ই প্ৰকাশ কৰা তথ্য অনুসৰি আটকাধীন কেইজন নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ নিকটৱৰ্ত্তী বালিপাৰা সংৰক্ষিত বনাঞ্চলৰ বেদখলকৃত গাঁৱৰ বাসিন্দা । এই সমগ্ৰ সফল অভিযানৰ আঁৰত আছিল নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ বনাঞ্চলিক বিষয়া দেৱাশীষ বুঢ়াগোহাঁই, বনপালক-১ দীপ কলিতা, বনপালক-১ অমৃত দলে, বনৰক্ষী গিৰিশ কলিতা, বনকৰ্মীসকল ক্ৰমে নিতাইলাল মজুমদাৰ, বিক্ৰম বে, মিনাৰাম গগৈ, ধন মিলি, বীৰসিং গয়াৰী, অনন্ত পেগু, সন্তো বসুমতাৰী, নিজম বসুমতাৰী, অধীৰ দাস, সনেন বসুমতাৰী । ইতিমধ্যে বন বিভাগে আটক কৰা আটাইকেইগৰাকী চোৰাং চিকাৰীক বন্যপ্ৰাণী (সুৰক্ষা) অধিনিয়ম, ১৯৭২ৰ অধীনত গোচৰ ৰুজু কৰি তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখিছে । উল্লেখযোগ্য যে, নামেৰী ৰাষ্ট্ৰীয় উদ্যানখনৰ বনকৰ্মীৰ দলটোৱে ধাৰাবাহিকভাৱে অভিযান চলাই বিগত কেইমাহত চোৰাং- চিকাৰীসহ কেইবাজনো দুষ্কৃতিকাৰীক গ্ৰেপ্তাৰ কৰাৰ লগতে কেইবাবাৰো এনেধৰণৰ অবৈধ কাৰ্যকলাপ প্ৰতিহত কৰিবলৈ সক্ষম হৈছিল। বন আৰু বন্যপ্ৰাণীৰ সুৰক্ষাৰ হকে নিৰৱচ্ছিন্নভাৱে আগবঢ়োৱা নিঃস্বাৰ্থ সেৱাৰ বাবে ইতিমধ্যে নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ দলটোৱে এই বৰ্ষৰ বন্যপ্ৰাণী সপ্তাহত কিছুদিন পূৰ্বে বন বিভাগৰ পৰা প্ৰশস্তি- পত্ৰও লাভ কৰিছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *