হোম-যজ্ঞ, হৰি নামৰে মুখৰিত কলঙৰ মুখ হাতীমুৰা,পুনৰ প্ৰৱাহিত হ’ব স্তব্ধ কলং

নিউজ ডেস্ক,কাজিৰঙা লাইভ,২৯ অক্টোবৰ : বহু প্ৰতীক্ষাৰ অন্তত কলিয়াবৰ তথা নগঞা ৰাইজৰ বাবে আহিল এটি সুখবৰ। পুনৰ প্ৰৱাহিত হ’ব স্তব্ধ কলং। ১৯৬৪ চনতে বন্ধ কৰি দিয়া কলংৰ মুখ পুনৰ খুলি দিয়াৰ ব্যৱস্থা কৰা হ’ব। ইয়াৰ লগে লগে বিগত ৫৬ বছৰ ধৰি মৰাসুঁতিলৈ পৰ্যবসিত হোৱা কলং পুনৰ বোৱতী হৈ উঠিব। শুক্ৰবাৰে আনুষ্ঠানিক ভাবে কলিয়াবৰৰ হাতীমুৰাৰ কলংমুখত এক অনুষ্ঠানৰ জড়িয়তে শুভাৰম্ভ কৰা হ’ব বোৱতী কলঙৰ প্ৰকল্পৰ কাম। সেয়েহে আজি হোম-যজ্ঞ আৰু হৰি নাম কীৰ্তনৰ লগতে মাঙ্গলিক অনুষ্ঠান আয়োজন কৰি কলংমুখ মুকলিৰ কাম হাতত লয়। নগাঁও চহৰ সুৰক্ষা প্ৰকল্পৰ জড়িয়তে কলিয়াবৰ মহকুমাৰ বৰঘোপ পাহাৰৰ পৰা হাতীমূৰালৈকে  ৰিং বান্ধ নিৰ্মাণ কৰি বিচ্ছিন্ন কৰা তাহানিৰ দুৰন্ত  কলঙক পুনৰ প্ৰাণ দিয়াৰ কামৰ প্ৰাক-শুভাৰম্ভ কৰা হয় ৷ তাহানিৰ স্ৰোতস্বিনী– চঞ্চলা-চপলা কলঙৰ নৈসৰ্গিক দৃশ্যত  আপ্লুত  হৈ ‘সাগৰ দেখিছা’ৰ কবি দেৱকান্ত বৰুৱা, ‘পথাৰৰ কবি’ ৰাম  গগৈ, নৱকান্ত বৰুৱা, গল্পকাৰ  ড: মহেন্দ্ৰ  বৰা, বীৰেন্দ্ৰ কুমাৰ  ভট্টাচাৰ্য  আদি স্বনামধন্য  ব্যক্তিয়ে সাহিত্যৰ ভড়াল চহকী কৰি থৈছে। সেয়েহে মৃত কলঙক পুনৰ প্ৰান দিয়াৰ প্ৰচেষ্টাত বহু জ্ঞানী-গুণীৰ লগতে বিভিন্ন দল-সংগঠন, অনুষ্ঠান-প্ৰতিষ্ঠানৰ অপ্ৰাণ চেষ্টা আৰু স্থানীয় বিধায়ক তথা মন্ত্ৰী কেশৱ মহন্তৰ নিৰৱিচ্ছিন্ন প্ৰচেষ্টাৰ বাবে কেইবাটাও পৰ্যায় অতিক্ৰমি কলংমুখত এই শুভকাৰ্য সমাধা কৰাৰ সময় সমাগত হৈছে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *