কাজিৰঙাত ঘৰ শত্ৰু বিভীষণ,স্থায়ী বনকৰ্মীৰ নাম সাঙোৰ খাইছে খড়্গৰ চোৰাং বেহাত।সাতজন অস্থায়ী বনকৰ্মীসহ ১৯ জনক আটক

নিউজ ডেস্ক,কাজিৰঙা লাইভ,২৯ অক্টোবৰ : যোৱা ছেপ্তেম্বৰ মাহৰ পৰা কাজিৰঙাত গঁড়ৰ খৰ্গৰ চোৰাং ব্যৱসায়ৰ বিৰোদ্ধে অব্যাহত আছে বন বিভাগৰ অভিযান ৷ ৰাষ্ট্ৰীয় উদ্যান খনত পৰিত্যক্ত অৱস্থাত উদ্ধাৰ হোৱা গঁড় খৰ্গৰ সৰবৰাহত জড়িত থকাৰ অভিযোগত ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই ৭ জন অস্থায়ী বনকৰ্মী সহ ১৯ জন লোকক গ্ৰেপ্তাৰ কৰি ইতিমধ্যে কাৰাগাৰলৈ নিক্ষেপ কৰিছে। বিভিন্ন সময়ত পাৰস্পৰিক যুঁজ, বাৰ্ধক্য বা আন কোনো কাৰণত সুলকি পৰা পৰিত্যক্ত গঁড়ৰ খৰ্গ ১২ জন স্থানীয় লোকৰ সহযোগত চোৰাং বজাৰলৈ সৰবৰাহ কৰাৰ অভিযোগ ৰাষ্ট্ৰীয় উদ্যানখনত বিভাগীয় হাতী চোৱাচিতাৰ বাবে অস্থায়ী ভাৱে মকৰল কৰা ৭ জন বনকৰ্মীৰ বিৰোদ্ধে ৷ অভিযানৰ সময়ত গ্ৰেপ্তাৰ হোৱা অভিযুক্তৰ স্বীকাৰোক্তিৰ ভিত্তিত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ডি এফ অ’ ৰমেশ গগৈয়ে বুঢ়াপাহাৰ বনাঞ্চলত কৰ্মৰত এজন স্থায়ী বনকৰ্মীক গ্ৰেপ্তাৰৰ যোযা চলাই থকাৰ কথা গম পাই ৰাষ্ট্ৰীয় উদ্যানৰ ঘন জংঘলৰ মাজত আত্ম গোপন কৰে বনকৰ্মী জনে ৷ ঘটনাৰ সন্দৰ্ভত উদ্যান কৰ্তৃপক্ষই জখলাবন্ধা আৰক্ষীক অবগত কৰাৰ লগতে অভিযান চলাই পলাতক বনকৰ্মী জনক উদ্ধাৰ কৰি আৰক্ষীক অৰ্পণ কৰে ৷ তদন্তৰ খাতিৰত বনকৰ্মী জনৰ নাম প্ৰকাশ কৰাৰ পৰা বিৰত থাকে ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ। উদ্যান কৰ্তৃপক্ষই প্ৰকাশ কৰা মতে ২০১২ চনৰ পৰা অভিযুক্ত বনকৰ্মীজন বন্যপ্ৰাণীৰ অংগ প্ৰত্যংগৰ চোৰাং ব্যৱসায়ত জড়িত আছে ৷সন্দেহ কৰা মতে কেৱল গঁড়ৰ খৰ্গই নহয় ,বাঘ আৰু আন বন্যপ্ৰাণীৰ অংগৰ চোৰাং ব্যৱসায়তো লিপ্ত আছে অভিযুক্ত বনকৰ্মী জন ৷ উদ্যান কৰ্তৃপক্ষই আৰক্ষী পৰা নিজৰ জিম্মালৈ আনি সুধাপুচা কৰাৰ পাছতহে সকলো কথা পোহৰলৈ আহিব বুলি উদ্যান কৰ্তৃপক্ষই সদৰি কৰিছে ৷বিগত বৰ্ষৰ ডিচেম্বৰ মাজত তিনিআন ফৰেষ্ট বেটেলিয়নক ৰাষ্ট্ৰীয় উদ্যানৰ পৰা মাছ আৰু কাছ সৰবৰাহৰ অভিযোগত নিলম্বন কৰিছিল ৷

Leave a Reply

Your email address will not be published. Required fields are marked *