কাজিৰঙাৰ বচাগাওঁত বাৰোৱাৰী লক্ষ্মী পূজা উদযাপন,পুৰোহিতৰ মন্ত্ৰোচাৰণত মন্ত্ৰমুগ্ধ কাজিৰঙাবাসী

মনোজ প্ৰতিম শইকীয়া,কাজিৰঙা লাইভ,৩০ অক্টোবৰ :
ক’ৰোনাসৃষ্ট পৰিৱেশৰ মাজতে পুৰোহিতৰ মন্ত্ৰোচ্চাৰণত মন্ত্ৰমুগ্ধ কাজিৰঙাবাসী ৷আজি ৰাজ্যত উদযাপন হৈছে ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰীশ্ৰী লক্ষ্মী পূজা ৷ ধন, ঐশ্বৰ্য, বিভূতিৰ অধিষ্ঠাত্ৰী দেৱী মহালক্ষ্মীৰ আৰাধানৰে আজি মুখৰিত হ’ল ৰাজ্যৰ আকাশ-বতাহ। আজি নিশা ঐশ্বৰ্য, বিভূতি, সুখ শান্তিদায়িনী দেৱী বিষ্ণুপ্ৰিয়া কমলালৈ ভক্তিঅৰ্ঘ নিবেদন কৰিলে ভক্তপ্ৰাণ ৰাইজে। কৰনাসৃষ্ট পৰিৱেশৰ মাজতে দেৱী বন্দনাৰে আধ্যাত্মিক পৰিবেশ সূচনা হ’ল ৰাজ্যৰ প্ৰতিটো লক্ষ্মী মন্দিৰ, দেৱালয় আৰু ৰাজহুৱা স্থানত। কাজিৰঙাতো বচাগাওঁ যুৱ বৃন্দৰ উদ্যোগত তথা সমুহ কাজিৰঙাবাসী ৰাইজৰ সহযোগত বচাগাও আই বি প্ৰাংগনত অনুষ্ঠিত হল শ্ৰী শ্ৰী লক্ষ্মী পূজা ৷পুৰোহিতৰ মুখৰ ধ্বনিত হোৱা প্ৰণাম মন্ত্ৰ ‘ওম নমস্তে সৰ্বভূতানাং বৰোদাশি হৰিত্ৰেয়ে/জাগতিস্তং প্ৰপন্বায়াং সামেতুয়াৎ ত্বদৰ্চনাৎ/ওম বিশ্ব ৰূপস্য ভাৰ্যাসী পদ্মে পদ্মালয়ে শুভে/সৰ্বাতঃ পাহি মাং দেৱী/মহালক্ষ্মী মনস্তুতে।’ৰে ধন-ঐশ্বৰ্যৰ দেৱীৰ পৰা আশীষ বিচাৰিলে লক্ষ্মী দেৱীৰ ভক্তসকলে। প্ৰতি বছৰে কাজিৰঙাৰ বচাগাওঁৰ আই বিত উদযাপন কৰা এই পূজাত জাত কূল ধৰ্মীয় সংকীৰ্ণতা পৰিহাৰ কৰি একাংশ মুছলমান সম্প্ৰদায়ৰ লোকো উপস্থিত থকা পৰিলক্ষিত হল ৷ পূৰ্ণিমাৰ সময়চোৱাত ভক্তসকলে দেৱীলৈ ষোড়শোপচাৰে আগবঢ়াই পূজা-অৰ্চনা। ধৰ্মীয় বিশ্বাস অনুসৰি লক্ষ্মী দেৱীৰ আশীৰ্বাদত অভাৱ-অনাটন, শোক-সন্তাপ, অপায়-অমগল, দুখ-অশান্তি দূৰ হয় আৰু ধন-জন, ঐশ্বৰ্য-বিভূতি, সুখ-শান্তিৰে উপচি পৰে ভক্তৰ জীৱন।উল্লেখ্য যে প্ৰতিবছৰে এই পূজা ভাগিত বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অসম গৌৰৱ এশিঙীয়া গঁড়ৰ সুৰক্ষাৰ স্বাৰ্থত বিশেষ পূজা আগবঢ়োৱাৰ লগতে মহামাৰী কৰোনা নাশ হোৱাৰ বাবে প্ৰাৰ্থনা আগবঢ়াই ৷ কাজিৰঙাবাসী তথা বিশ্বৰ সকলো প্ৰাণীৰে অপায় অমংগল নাশ হোৱাৰ উদ্দেশ্যে কৰা এই পূজাত মুখ্য প্ৰতিমা আগবঢ়াই কাজিৰঙাৰ ঐতিহ্যমণ্ডিত,আহোম ৰজা গদাধৰ সিংহ স্মৃতি বিজড়িত শ্ৰী শ্ৰী কাকগোসানী মহামায়া দুৰ্গা থানৰ মুখ্য পূজাৰী ধ্ৰুৱজ্যোতি শৰ্মাই ৷

Leave a Reply

Your email address will not be published. Required fields are marked *