কাজিৰঙাত গৌৰৱোজ্বল তৃতীয় বৰ্ষপূৰ্তি উদযাপন কাজিৰঙা লাইভৰ। কাজিৰঙাৰ সামগ্ৰিক উন্নয়নৰ লক্ষ্যৰে নিস্বাৰ্থভাৱে সেৱা আগবঢ়াই যাব কাজিৰঙা লাইভে ৷

মনোজ প্ৰতিম শইকীয়া, কাজিৰঙা লাইভ, ২৯ অক্টোবৰ: সাম্প্ৰতিক সময়ত ৱেব পৰ্টেলৰ অভূতপূৰ্ব জনপ্ৰিয়তাৰ প্ৰতি লক্ষ্য ৰাখি কাজিৰঙাত ২০১৭ চনৰ ২৮ অক্টোবৰত জন্ম লাভ কৰিছিল “কাজিৰঙা লাইভ” নামৰ এটি ৱেব পৰ্টেলে৷ বৰ্তমান সময়ত অত্যধিক কৰ্মব্যস্ততাৰ বাবে দুৰদৰ্শনৰ সন্মুখত বহি বাতৰি চাব পৰাকৈ মানুহৰ সময়ৰ যথেষ্ট অভাৱ পৰিলক্ষিত হোৱাৰ সমান্তৰালভাৱে চছিয়েল মেডিয়াৰ অসীম জনপ্ৰিয়তাৰ বাবেই “ৱেব পৰ্টেল ” সমুহেও ক্ৰমান্বয়ে অভূতপূৰ্বভাৱে জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হোৱাৰ সময়তে “KAZIRANGA LIVE” ৰ সবল আত্মপ্ৰকাশে অসমৰ সংবাদজগতলৈ যথেষ্ট বতৰা কঢ়িয়াই আনিছে ৷ সময় গতিশীল ৷গতিশীল সময়ৰ লগত জীৱনৰ ব্যস্ততা ৷ব্যস্ততা পূৰ্ণ জীৱনৰ মাজত অকণমান জিৰণিৰ অৱকাশো নাথাকে কেতিয়াবা ৷ব্যতিক্ৰম নহয় সংবাদ মাধ্যম ৷গতিশীল সময়ৰ লগত অবিৰত যাত্ৰা সংবাদ মাধ্যমৰ ৷জটিলতাৰ মাজতো চৌব্বিশ ঘন্টাই নিজৰ দায়িত্ব আৰু কৰ্তব্যৰ মাজত ব্যস্ত সাংবাদিক, ব্যস্ত সংবাদ মাধ্যম ৷ সংবাদ মাধ্যমৰ দায়িত্ব আৰু কৰ্তব্য ৰাজ্যৰ পিছপৰা অঞ্চলৰ অভাৱ অভিযোগ,উন্নয়নৰ পৰা আৰম্ভ কৰি দেশৰ বিভিন্ন প্ৰান্তৰ গুৰুত্বপূৰ্ণ বা বাতৰি ৰাইজৰ ওচৰলৈ কঢ়িয়াই অনাৰ লগতে সকলো সমস্যা চৰকাৰৰ দৃষ্টিগোচৰ কৰা ৷ প্ৰতিজন সচেতন ৰাইজৰ বিশ্বাস যুক্তিপূৰ্ণ সমালোচনাই সমস্যা সামাধানৰ পথ মুকলি কৰে ৷এই উৰ্দ্দেশ্য হাতত লৈ কাজিৰঙাত জন্ম লাভ কৰিছিল “Kaziranga live” নামৰ ৱেব পৰ্টেলটোৱে ৷তিনিবছৰৰ পূৰ্বে জন্মলাভ কৰা পৰ্টেল মেডিয়াটিয়ে ৰাইজৰ আশীৰ্বাদ, সহায় সহযোগৰ মাজত তিনিটা বছৰ অতিক্ৰম কৰি ভৰি দিলে চতুৰ্থটো বৰ্ষত ৷বিগত তিনিটা বছৰত ৰাইজৰ পৰা পাই অহা উৎসাহ উদ্দীপনা সহায় সহযোগীতাৰ বাবে কাজিৰঙা লাইভৰ পৰিয়ালৰ তৰফৰ পৰা প্ৰতিজন শুভাকাংক্ষীক কৃতজ্ঞতা জ্ঞাপন কৰে ৷ একেদৰে চতুৰ্থ বৰ্ষৰ প্ৰথম দিনটোৰ পৰাই কাজিৰঙা লাইভে ৰাইজৰ পৰা একেদৰে সহায় সহযোগ,দিহা পৰামৰ্শ লাভ কৰাৰ আশা প্ৰকাশ কৰে ৷ বুধবাৰে বৰ্ষপুৰ্তি উপলক্ষে কাজিৰঙা লাইভৰ বিশেষ এক অনুষ্ঠা অনুষ্ঠিত হৈ যায়৷ কাজিৰঙাৰ কহঁৰাত থকা বন বিভাগৰ পৰমানন্দ লাহন প্ৰেক্ষাগৃহত আয়োজিত আৰু সংগঠনটোৰ মুখ্য সম্পাদক ভৱানন্দ কলিতাৰ পৌৰহিত্যত অনুষ্ঠিত এই বৰ্ষপুৰ্তি অনুষ্ঠানত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক পি শিৱকুমাৰ, পুৱ অসম বন্যপ্ৰাণী সংমণ্ডলৰ ডি এফ অ’ ৰমেশ কুমাৰ গগৈ, কলিয়াবৰৰ মহকুমাধিপতি বিতোপন নেওগ, বোকাখাত মহকুমা সাংবাদিক সন্থাৰ উপ সভাপতি বুবুল দত্ত, কাজিৰঙা লাইভৰ কাৰ্যকৰী সম্পাদক নীলপদ্ম শৰ্মাৰ উপৰিও বিভিন্ন দল সংগঠনৰ প্ৰতিনিধি উপস্থিত থাকে৷অনুষ্ঠানত কাজিৰঙা লাইভৰ তৃতীয় বৰ্ষপুৰ্তিত শুভেচ্ছা জনায় দিয়া ভাষণত কাজিৰঙাৰ সঞ্চালক পি শিৱকুমাৰে কাজিৰঙাৰ বন্যপ্ৰাণী আৰু পৰিৱেশ সংৰক্ষণত বৈদুতিন মাধ্যম কাজিৰঙা লাইভৰ অৱদানৰ কথা কৈ কাজিৰঙা লাইভে ৰাষ্ট্ৰীয় উদ্যানৰ পাঁচোখন জিলাকেই সামৰিব ল’বৰ বাবে আহ্বান জনায়৷ আমন্ত্ৰিত অতিথিৰ উপৰিও কাজিৰঙা জীপ চাফাৰী সন্থাৰ সভাপতি তুলশী বৰদলৈ, কাজিৰঙা আঞ্চলিক সাংবাদিক সন্থাৰ স্বপন নাথ, কাজিৰঙা নিউজ নেটৱৰ্কৰ প্ৰদ্যুত মহন্ত, শিল্পী পাপু ঘোষ আদি বিভিন্ন জনে কাজিৰঙা লাইভৰ তৃতীয় বৰ্ষপুৰ্তিত শুভেচ্ছা জ্ঞাপন কৰে৷অনুষ্ঠানতে তৃতীষ বৰ্ষপুৰ্তি উপলক্ষে কেক কটাৰ লগতে ছাত্ৰ ছাত্ৰীৰ মাজত আয়োজিত ৰচনা আৰু প্ৰৱন্ধ প্ৰতিযোগিতাৰ স্থান প্ৰাপ্ত প্ৰতিযোগীসকলক বঁটা প্ৰদান কৰা হয়  ৷ তদুপৰি বোকাখাত মহকুমা যুৱ ছাত্ৰ পৰিষদৰ সম্পাদক অনন্ত গগৈ,গোৰ্খা ছাত্ৰ সন্থা,বোকাখাতৰ ৰুদ্ৰ ছেত্ৰী,গোলাঘাট জিলা বীৰ লাচিত সেনাৰ সচিব দীপু হাজৰীকাই শুভেচ্ছা বাণী প্ৰদান কৰাৰ লগতে কাজিৰঙা লাইভে নিৰ্ভীক ও আপোচবিহীন ভাৱে সেৱা আগবঢ়াই যোৱাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে ৷লগতে তেওঁলোকে কয় যে কাজিৰঙাৰ বন্যপ্ৰাণী, কাষৰীয়া ৰাইজৰ আৱেগ-অনুভূতি তথা সমস্যা ৰাজিৰ ওপৰত কাজিৰঙা লাইভে অধিক গুৰুত্ব দি আহিছে ৷ অনাগত দিনতো কাজিৰঙা লাইভৰ এই ধাৰা অক্ষুণ্ণ ৰাখক ৷কাজিৰঙা লাইভৰ জৰিয়তে উঠি অহা যুৱপ্ৰজন্মক সংবাদ সেৱাৰ প্ৰতি আগ্ৰহী তথা আগবঢ়াই আনিবলৈ আহ্বান সচেতন ৰাইজৰ ৷ উল্লেখ্য যে বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙাৰ দাতিকাষৰীয়া জনসাধাৰণৰ ওপৰত সমগ্ৰ বিশ্বই দৃষ্টি ৰখাৰ উপৰিও এশিঙিয়া গঁড়ৰ বাবে খ্যাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখনৰ সংবাদেও যথেষ্ট গুৰুত্ব লাভ কৰাৰ পৰিপ্ৰেক্ষিতত জনসাধাৰণৰ আবেগ-অনুভুতিক গুৰুত্ব প্ৰদান কৰি সামগ্ৰিক সকলো সমস্যাৰ সৱল উপস্থাপনেৰে এই ৱেব পৰ্টেলটোৱে জনসাধাৰণৰ হকে কাম কৰি যাব বুলি কাজিৰঙা লাইভ পৰিয়ালবৰ্গ প্ৰতিশ্ৰুতিবদ্ধ হয় ৷

Leave a Reply

Your email address will not be published. Required fields are marked *