বুধবাৰে পৰ্যটকৰ বাবে মুকলি হব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান।

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ২০ অক্টোবৰ : বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কালিলৈ অৰ্থাৎ বুধবাৰে পৰ্যটকৰ বাবে মুকলি কৰা হ’ব ৷ এই অনুষ্ঠানটিত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল ৷ পুৱা ১০ বজাত কহঁৰা বনাঞ্চলৰ মিহিমুখত আনুষ্ঠানিক ভাৱে পৰ্যটকৰ বাবে ৰাষ্ট্ৰীয় উদ্যানখনৰ দ্বাৰ মুকলি কৰিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে ৷ উদ্যান মুকলি কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে কাঠপাৰালৈকে উদ্যান দৰ্শন কৰিব ৷ মুখ্যমন্ত্ৰীৰ লগতে এই অনুষ্ঠানত উপস্থিত থাকিব বনমন্ত্ৰী পৰিমল শুক্লবৈদ্য,গ্ৰামোন্নয়ন মন্ত্ৰী নৱ কুমাৰ দলে,কৃষি মন্ত্ৰী অতুল বৰা আৰু জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত ৷ইতিমধ্যে সম্পূৰ্ণকৈ ৰাষ্ট্ৰীয় উদ্যান পৰ্যটকৰ বাবে মুকলি কৰাৰ বাবে ক্ষীপ্ৰতাৰে প্ৰস্তুতি চলাইছে ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই ৷ উদ্যানখনৰ প্ৰৱেশ দ্বাৰত পৰ্যটকৰ বাহন সমূহৰ টায়াৰ বাথ কৰাৰ বাবে পটাচ মিশ্ৰিত পানী ৰখাৰ ব্যৱস্থা কৰা হৈছে ৷বিগত সময়ত প্ৰলয়’ বানৰ তাণ্ডৱৰ কৱলত পৰি বিস্তৰ ক্ষতিসাধন হোৱা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখনৰ বহু এলেকা বৰ্তমানেও পানীৰ তলত থকাত কেৱল কহঁৰা বনাঞ্চলৰ মিহিমুখৰ পৰা ভৈচামাৰী আৰু বাগৰি বনাঞ্চলৰ ডুঙালৈকেহে বৰ্তমান সময়ত পৰ্যটকে জীপ ছাফাৰী কৰিব পাৰিব বুলি জানিবলৈ দিছে ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই ৷আনহাতে অহা ১ নৱেম্বৰত ৰাষ্ট্ৰীয় উদ্যানখনত মুকলি হ’ব হাতী ছাফাৰী ৷কহঁৰা বনাঞ্চলত বিভাগীয় হাতী ছাফাৰীৰ বাবে গাদী গেদেলা আহি সাজু কৰাত ব্যস্ত হৈ পৰিছে হাতীৰ মাউত সকল ৷ প্ৰদুম্ন্য ,লক্ষীমাই, পৱন,বীৰ,পাহি,ফুলন দেৱীকে ধৰি ১০ টা বিভাগীয় হাতীক ছাফাৰীৰ বাবে সাজু কৰা হৈছে ৷ সেই একে দিনটোতে উদ্যানখনৰ বাগৰি বনাঞ্চলতো ব্যক্তিগত হাতী ছাফাৰী আৰম্ভ কৰাৰ কথা জানিবলৈ দিছে বিভাগীয় কৰ্তৃপক্ষই ৷

Leave a Reply

Your email address will not be published. Required fields are marked *