বোকাখাতত জনসংখ্যা নিয়ন্ত্ৰণ সংকল্প দিৱস পালন

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ১৭ অক্টোবৰ : সমগ্ৰ অসমৰ লগতে বোকাখাততো ১৭ অক্টোবৰ তাৰিখে জনসংখ্যা সমাধান ফাউণ্ডেচনৰ আহ্বানমৰ্মে জনসংখ্যা নিয়ন্ত্ৰণ সংকল্প দিৱস পালন কৰা হয় ৷তুলসীৰ তলত বন্তী প্ৰজ্বলনেৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰে কেশৱ চন্দ্ৰ উপাধ্যায়ে ৷ উদ্দেশ্য ব্যাখ্যা কৰি আহ্বায়ক সুবোধ বৰাই প্ৰথমতে উপস্থিত সকলোকে কাতি বিহুৰ ওলগ জনাই আৰু এই বিহুৰ তাৎপৰ্য ব্যাখ্যা কৰে ৷ মূল বিষয় সন্দৰ্ভত তেখেতে কয় যে ভাৰতৰ সকলো অৰ্থনৈতিক, সামাজিক, সাংস্কৃতিক, ৰাজনৈতিক আৰু শৈক্ষিক সমস্যাৰ এটা অন্যতম কাৰণ হ’ল জনসংখ্যাৰ দ্ৰুতগতিত বৃদ্ধি ৷ তদুপৰি জনসংখ্যা নিয়ন্ত্ৰণৰ কোনো বিধি বিধান নমনা এচাম লোকৰ অবাধ বংশ বৃদ্ধিয়ে আন এচাম লোকৰ অস্তিত্বৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে ৷ সেয়েহে দেশক প্ৰয়োজন হৈছে এক দৃঢ় জনসংখ্যা নীতিৰ আৰু ইয়াৰ বাবে সকলোৱে মাৰ বান্ধি ঠিয় হব লাগিব ৷ আজিৰ এই পবিত্ৰ দিনটোত সকলোকে জনসংখ্যা নিয়ন্ত্ৰণৰ বাবে সংকল্পৱদ্ধ হবলৈ তেখেতে আহ্বান জনায় ৷ ইয়াৰ পিচত উপস্থিত সকলোৱে সংকল্প বাক্য পাঠ কৰে আৰু ইয়াৰ আঁত ধৰে উমেশ বৰাই ৷ অনুষ্ঠানটোত জনসংখ্যা সমাধান ফাউণ্ডেচনৰ সদ্য উন্মোচিত সংগঠন গীতটো পৰিৱেশন কৰা হয় ৷ সদৌ শেষত শান্তি মন্ত্ৰৰে কাৰ্যসূচী সামৰা হয় আৰু ইয়াৰ আঁত ধৰে দিব্যজ্যোতি গোস্বামীয়ে ৷ অনুষ্ঠানটোত কাজিৰঙা লাইভৰ মুখ্য সম্পাদক তথা বোকাখাত প্ৰেছ ক্লাবৰ সভাপতি ভৱানন্দ কলিতা, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ মহকুমা প্ৰচাৰক ধীৰাজ দাস, কাৰ্যকৰ্তা কৃষ্ণ দাস, কিষাণ মৰ্চাৰ জয়চোৱাল, যুৱ মৰ্চাৰ মণ্ডল সম্পাদক হিমাংশু বৰাকে আদি কৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশ গ্ৰহণ কৰে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *