২১ অক্টোবৰত পৰ্যটকৰ বাবে মুকলি হ’ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ১৫ অক্টোবৰ : সকলো জল্পনা-কল্পনাৰ ওৰ পেলাই অবশেষত পৰ্যটকৰ বাবে মুকলি কৰি দিয়া হ’ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ৷ অহা ২১ অক্টোবৰত পৰ্য্যটকৰ বাবে মুকলি হব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে ২০২০-২১ পৰ্য্যটন বৰ্ষৰ বাবে আনুষ্ঠানিকভাৱে ৰাষ্ট্ৰীয় উদ্যান খন মুকলি কৰিব। শেহতীয়া বান পৰিস্থিতিৰ ভাবে চলিত বৰ্ষত উদ্যান খন মুকলি কৰাত যথেষ্ট পলম হয়। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই প্ৰকাশ কৰা মতে ৰাষ্ট্ৰীয় উদ্যানখন পৰ্যটকৰ বাবে মুকলি কৰাৰ যাৱতীয় প্ৰস্তুতি সম্প্ৰতি চলাই থকা হৈছে। সম্পূৰ্ণ ক’ভিড প্ৰটকল মানি ২১ অক্টোবৰত দেশী-বিদেশী পৰ্যটকৰ বাবে মুকলি কৰা হ’ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ৷ ৬৫ বছৰৰ ওপৰৰ আৰু ১০ বছৰৰ তলৰ কোনো পৰ্যটক প্ৰৱেশ কৰিব নোৱাৰিব ৰাষ্ট্ৰীয় উদ্যানখনত ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ডি এফ অ ৰমেশ গগৈয়ে প্ৰকাশ কৰা মতে ৰাষ্ট্ৰীয় উদ্যানত প্ৰৱেশ কৰা পৰ্যটকৰ বাহন সমূহ প্ৰৱেশ দ্বাৰত চেনিটাইজাৰ কৰা হ’ব ৷ আনহাতে উদ্যানত প্ৰৱেশ কৰাৰ আগতে সকলো পৰ্যটকৰ শাৰীৰিক উত্তাপ পৰীক্ষা কৰা হ’ব ৷ আনহাতে,২০২০-২১ পৰ্যটন বৰ্ষত পৰ্যটকৰ মুকলি অনুষ্ঠানত উপস্থিত থাকিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ দিনৰ ১১ বজাত উদ্যানৰ কঁহৰা বনাঞ্চলৰ প্ৰৱেশ দ্বাৰ মুকলি কৰিব মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ শেহতীয়া বানৰ বাবে ২১ তাৰিখে উদ্যানত হাতী চাফাৰী মুকলি হোৱাৰ আশা ক্ষীণ বুলি জনাই ডি এফ অ গৰাকীয়ে। ইফালে, বাট পথৰ অৱস্থা সুচল নোহোৱাৰ বাবে প্ৰথম অৱস্থাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কঁহৰা আৰু বাগৰি বনাঞ্চলহে পৰ্য্যটকৰ বাবে মুকলি কৰা হব। উদ্যানৰ বুঢ়াপাহাৰ আৰু অগৰাতলি বনাঞ্চল পৰ্য্যটকৰ বাবে মুকলি কৰাত কিছু পলম হব বুলি জনাই ৰমেশ গগৈয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *