বোকাখাতত অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ। ৰাজ্যৰ ১ কোটি ৩০ লাখ চাহ শ্ৰমিকক চৰকাৰে প্ৰতাৰণা কৰাৰ অভিযোগ সংগঠনটোৰ

নিউজ ডেস্ক,কাজিৰঙা লাইভ,১৪ অক্টোবৰ : অসমৰ চাহ উদ্যোগে বিশ্ব দৰবাৰত এক সুকীয়া পৰিচয় দাঙি ধৰাৰ লগতে সমগ্ৰ ভাৰত বৰ্ষতে অসমৰ চাহে এক বৃহৎ পৰিমাণৰ উৎপাদনৰে দেশৰ অৰ্থনীতিত এক সূদুৰপ্ৰসাৰী ভূমিকা পালন কৰি অহাৰ বিপৰীতে বিশ্ববিশ্ৰুত উদ্যোগতোৰ মুল চালিকা শক্তি চাহ শ্ৰমিক সকলৰ সৱলীকৰণৰ ক্ষেত্ৰত চৰকাৰৰ ভূমিকা তেনেকৈ নগন্য হোৱাৰ অভিযোগ তুলিছে অসম চাহ জনজাতি ছাত্ৰ সন্থাই।কংগ্ৰেছ চৰকাৰৰ পোন্ধৰ বছৰীয়া শাসনৰ পিছতে এইবাৰ বিজেপি চৰকাৰ খনেও চাহ জনগোষ্ঠীয় লোকসকলক প্ৰতাৰণা কৰি অহাৰ অভিযোগ তুলিছে অসম চাহ জনজাতি ছাত্ৰ সন্থাই। ইফালে আগন্তুক বিধান সভা নিৰ্বাচনৰ পূৰ্বে চাহ জনগোষ্ঠীয় লোক সকলৰ দাবী সমুহ মানি নল’লে বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰখনক বৃহৎ প্ৰত্যাহ্বান জনোৱাৰ হুংকাৰ প্ৰদান কৰিছে চাহ জনজাতি ছাত্ৰ সংগঠনটোৱে। ইতিমধ্যে চাহ শ্ৰমিকৰ দৈনিক মজুৰী ৩৫১ টকালৈ বৃদ্ধি কৰা আৰুখিলঞ্জীয়া চাহ জনজাতি লোক সকলক মাটিৰ পট্টা প্ৰদান কৰাৰ লগতে পাঁচোটাকৈ দাবী সম্বলিত স্মাৰকপত্ৰ বোকাখাতৰ মহকুমাধিপতিৰ জৰিয়তে অসম চৰকাৰলৈ প্ৰেৰণ কৰে ছাত্র সংগঠনতোৱে।

Leave a Reply

Your email address will not be published. Required fields are marked *