মুখ্যমন্ত্ৰীলৈ আহ্বান – নিজে আহি গুলীয়াই মাৰক বা উচ্ছেদ কৰক, কিন্তু নিজে আহক।

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ১৪ অক্টোবৰ: মুখ্যমন্ত্ৰীলৈ আহ্বান- ডাঙৰীয়া আপুনি নিজে আহক, আমাক গুলীয়াই মাৰক বা উচ্ছেদ কৰক যি কৰে কৰক, কিন্তু আপুনি নিজে আহক ৷ কাজিৰঙাৰ তৃতীয় আৰু ৫ম সংযোজনত ৰাজহ বিভাগে বাসগৃহ ভাঙি দখল মুকলি কৰি দিবলৈ জাননী প্ৰেৰণ কৰাৰ পাছতে এই কাতৰ আহ্বান ৰাইজৰ ৷ জীপাল কৃষক শ্ৰমিক সংঘ আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত কাজিৰঙাৰ হালধিবাৰীত উচ্ছেদ বিৰোধী এক সভা অনুষ্ঠিত হয় ৷ য’ত ৫ম সংযোজন হালধিবাৰীৰ পৰিয়ালসমূহ উপস্থিত থাকি চৰকাৰৰ বিৰোদ্ধে ক্ষোভ প্ৰকাশ কৰে ৷ তদুপৰি, উদ্যানৰ কাষৰীয় এই থলুৱা লোকসকলক উচ্ছেদৰ জাননী প্ৰেৰণ কৰাৰ বিপৰীতে কাজিৰঙাৰ এনিমেল ক’ৰিড’ৰত থকা মন্ত্ৰী-মুদ্গৰৰ নিৰ্মিয়মান কাৰ্য কিয় ৰোধ কৰা নাই বুলিও প্ৰশ্ন উত্থাপন কৰে ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহঁৰা বনাঞ্চলৰ দাঁতি কাষৰীয়া হালধিবাৰী আৰু পানবাৰী এলেকাৰ প্ৰায় ৩২ টাৰো অধিক পৰিয়ালক ইতিমধ্যে বোকাখাত মহকুমা প্ৰশাসনে ১০ দিনৰ ভিতৰত দখল এৰি দিবলৈ জাননী প্ৰেৰণ কৰিছে ৷ জানিব পৰা মতে ইয়াৰ ভিতৰত আছে হালধিবাৰীৰ ১৮ টা আৰু পানবাৰীৰ ১৫ টা পৰিয়াল ৷ উল্লেখ্য, ২০১৫ চনত গুৱাহাটী উচ্চ ন্যায়ালয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সংযোজন এলেকা সমূহত বসবাস কৰি থকা লোক সকলক উচ্ছেদৰ নিৰ্দেশনা জাৰি কৰিছিল ৷ উচ্চ ন্যায়ালয়ৰ ২০১৫ চনৰ নিৰ্দেশনা মৰ্মে ২০১৬ চনত নগাঁও জিলাৰ বান্দৰডুবি ,দেওচুৰ আৰু পালখোৱাত প্ৰশাসনে উচ্ছেদ অভিযান চলাইছিল যদিও গোলাঘাট জিলাৰ বোকাখাত মহকুমাৰ দ্বিতীয়,তৃতীয় আৰু পঞ্চম সংযোজন এলেকাত বসবাস কৰি থকা লোক সকলক উচ্ছেদৰ ব্যৱস্থা প্ৰশাসনে গ্ৰহণ কৰা নাছিল ৷ কিন্তু শেহতীয়াকৈ উচ্ছেদ সন্দৰ্ভত প্ৰশাসনৰ স্থিতি জনাবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে পত্ৰ প্ৰেৰণ কৰাৰ পাছতে তৎপৰ হৈ পৰিছে বোকাখাত মহকুমা প্ৰশাসন ৷ প্ৰথম পৰ্যায়ত তৃতীয় আৰু পঞ্চম সংযোজন বসতি মুক্ত কৰাৰ বাবে প্ৰস্তুতি চলাইছে প্ৰশাসনে ৷ আনহাতে প্ৰশাসনৰ জাননী পোৱাৰ পাছতে নিজে সজা ঘৰখন নিজ হাতেৰেই ভাঙিবলৈ গৈ হাঁহাকাৰ কৰিছে সংযোজন এলেকাত বসবাস কৰি থকা লোকসকলে ৷ প্ৰশাসনৰ জাননী পোৱাৰ পাছতে দখল মুক্ত কৰিবলৈ হালধিবাৰীৰ একাংশই নিজেই ঘৰ ভাঙিছে যদিও মূৰ সোমোৱাবলৈ চালি এখনো নোহোৱা হৈছে এই সকল লোকৰ ৷ তদুপৰি, উচ্ছেদৰ জাননী প্ৰাপ্ত পৰিয়ালকেইটাই ক্ষতিপূৰণৰ কোনো ধৰণৰ নিশ্চয়তা- আশ্বাস পোৱা নাই বুলি অভিযোগ উত্থাপিত হৈছে ৷ এনে সময়ত এই অসহায় লোকসকলৰ স’তে থিয় দিয়া জীপাল আৰু কৃষক মুক্তিয়ে এই থলুৱা লোকক উচ্ছেদৰ জাননী প্ৰেৰণ কোনো কাৰণতে মানি লোৱা নহ’ব আৰু অহা ২০ অক্টোবৰত ইয়াৰ বিৰোদ্ধে আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰা হ’ব বুলি জানিব দিছে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *