বন্যপ্ৰাণী সপ্তাহৰ সামৰণি অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ বিশেষ সন্মান আৰক্ষী বিষয়া বিপ্লৱ কোৱঁৰলৈ

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ৮ অক্টোবৰ: ৰাজ্যত ১ অক্টোবৰৰ পৰা চলি থকা ৬৬ সংখ্যক বন্যপ্ৰাণী সপ্তাহৰ সামৰণি অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ বিশেষ সন্মান কলিয়াবৰ মহকুমাৰ বাগৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিপ্লৱ কোৱঁৰলৈ ৷ অসম চৰকাৰৰ পৰিৱেশ আৰু বন বিভাগৰ উদ্যোগত গুৱাহাটীৰ শংকৰদেৱ কলাক্ষেত্ৰত আয়োজন কৰা বন্যপ্ৰাণী সপ্তাহৰ সামৰণি অনুষ্ঠানত অসমৰ মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে ৰাজ্যৰ বিভিন্ন ক্ষেত্ৰৰ মুঠ ৭৮ গৰাকী ব্যক্তিক নিৰ্বাচিত কৰি বটা প্ৰদান কৰে ৷ বন্যপ্ৰাণী সুৰক্ষাৰ ক্ষেত্ৰত বিশেষ বৰঙণি আগবঢ়োৱা আৰক্ষী বিষয়া বিপ্লৱ কোৱঁৰক সন্মান প্ৰদান কৰে অসমৰ মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে ৷আৰক্ষী বিষয়া বিপ্লৱ কোৱঁৰে কাজিৰঙাত হোৱা প্ৰলয়ংকাৰী বানৰ সময়ত বন্যপ্ৰাণী সুৰক্ষাৰ স্বাৰ্থত বিশেষ ভূমিকা গ্ৰহণ কৰিছিল ৷ বিষয়াগৰাকীয়ে কলিয়াবৰ মহকুমাৰ লগতে কাজিৰঙালৈও গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ৷ যথেষ্ট কষ্ট আৰু ত্যাগৰ বিনিময়ত আৰক্ষী বিষয়াজনে লাভ কৰা সন্মানৰ বাবে কলিয়াবৰ মহকুমাৰ লগতে কাজিৰঙাৰ প্ৰতিটো দল-সংগঠনে শুভকামনা জনাইছে ৷ আমিও কাজিৰঙা লাইভৰ তৰফৰ পৰা আৰক্ষী বিষয়াজনলৈ জনাইছো অলেখ শুভকামনা ৷

Leave a Reply

Your email address will not be published. Required fields are marked *