কাজিৰঙাত জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চ অসমৰ অধিবেশন সম্পন্ন ৷

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ২ অক্টোবৰঃ আজি কাজিৰঙাৰ কঁহৰাস্থিত অৰিয়ল অতিথিশালাত জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চ অসমৰ বিশেষ জৰুৰী বৰ্দ্ধিত অধিৱেশন-২০২০, সম্বৰ্দ্ধনা অনুষ্ঠান আৰু গান্ধী জয়ন্তী উদযাপন অনুষ্ঠান অনুষ্ঠিত হৈ যায়। এই উদ্দেশ্যে পুৱা ঐক্য মঞ্চৰ পতাকা উত্তোলন কৰে জনগোষ্ঠী সাংস্কৃতিক ঐক্য মঞ্চ অসমৰ সভাপতি প্ৰহ্লাদ মিলিয়ে আৰু বন্তি প্ৰজ্বলন কৰে বিশিষ্ট নাট্যকাৰ পৰিচালক তথা কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দেৱৰ সুপুত্ৰ পৃথিৱী ৰাভাদেৱে। বিশিষ্ট নাট্যকৰ্মী-সাংস্কৃতিককৰ্মী তথা ঐক্য মঞ্চৰ উপদেষ্টা প্ৰীতিৰঞ্জন বৰুৱাই আঁত ধৰা অনুষ্ঠানৰ সভাপতিত্ব কৰে জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চ, অসমৰ সভাপতি প্ৰহ্লাদ মিলিয়ে। সভাৰ আৰম্ভণিতে গান্ধী জয়ন্তী উপলক্ষে মহামানৱ মহাত্মা গান্ধীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে বিশিষ্ট সমাজকৰ্মী ৰেৱ গগৈয়ে। অনুষ্ঠানত ঐক্য মঞ্চৰ যুৱ সদস্য সকলে সমবেত সংগীত পৰিবেশন কৰে। সভাত ক্ৰমে তেজপুৰৰ প্ৰবীন ক্ৰীড়াবিদ তথা অসমৰ সৰ্বপ্ৰথম ব্লেক বেল্ট প্ৰাপক, অসম টায়েকোৱাণ্ডো সন্থাৰ কাৰ্যকৰী সভাপতি হিমান লহকৰ আৰু তেজপুৰৰে প্ৰবীন ক্ৰীড়াবিদ তথা অসমৰ অন্যগৰাকী অসমৰ প্ৰথম ব্লেক বেল্ট প্ৰাপক বিপুল ডেকা, বোকাখাতৰ সদ্য শিল্পী আৰু বোকাখাত শ্বহীদ কমলা মিৰি অসামৰিক চিকিৎসালয়ৰ মহকুমা চিকিৎসা আৰু স্বাস্থ্য বিষয়া ডাঃ মিলন কুমাৰ লস্কৰলৈ তেওঁলোকে নিজা নিজা ক্ষেত্ৰত আগবঢ়োৱা সেৱাৰ বাবে জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চ, অসমৰ তৰফৰ পৰা একোখনিকৈ চেলেং চাদৰ, এটি কাঠৰ গঁড়ৰ ভাস্কৰ্য আৰু একোখনকৈ সম্বৰ্দ্ধনা পত্ৰৰে সম্বৰ্দ্ধনা জনোৱা হয়। সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি বক্তব্য আগবঢ়ায় ক্ৰমে জ্যেষ্ঠ সাংবাদিক বুবুল দত্ত, ঐক্য মঞ্চ, অসমৰ কাৰ্যকৰী সভাপতি দ্বীপ্ত সেউজ গগৈ, সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ কাৰ্যকৰী সভানেত্ৰী সূৱৰ্ণ শইকীয়া বৰদলৈ, অসম ৰাজ্যিক সাংবাদিক সন্থাৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক পলিমা চেতিয়া বসুমতাৰী, বিশিষ্ট কবি-লেখিকা হেমা চৌধুৰী গগৈ,জনপ্ৰিয় ৰহস্য আলোচনীৰ স্বত্বাধিকাৰী বাবুৰাভা হাকাচাম,বিশিষ্ট সাংস্কৃতিক কৰ্মী ৰাজেন শৰ্মা, ৰহস্যৰ কাৰ্যবাহী সম্পাদক দীপজ্যোতি ডেকা আদি অসমৰ বিভিন্ন প্ৰান্তৰৰ বিশিষ্ট ব্যক্তিয়ে ৷ সম্বৰ্দ্ধনা অনুষ্ঠানটিৰ পাছতেই জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চ অসমৰ সমিতি সম্প্ৰসাৰণ কাৰ্যসূচী আৰম্ভ হয় ৷ নৱ-নিৰ্বাচিত সমিতিখনত বিশিষ্ট সমাজসেৱক ৰেৱ গগৈক সভাপতি আৰু প্ৰহ্লাদ মিলিক সম্পাদক হিচাপে নিৰ্বাচিত কৰি এখন ৫১ জনীয়া মূল সমিতি গঠন কৰা হয় ৷

Leave a Reply

Your email address will not be published. Required fields are marked *