কাজিৰঙা লাইভ”ৰ মূখ্য সম্পাদক ভবানন্দ কলিতাৰ নিবন্ধ গ্ৰন্থ উন্মোচন

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ৫ অক্টোবৰ: পুৱতি সাহিত্য সভা বোকাখাতৰ উদ্যোগত আজি উন্মোচন কৰা বোকাখাতৰ জেষ্ঠ সাংবাদিক তথা “কাজিৰঙা লাইভ”ৰ মূখ্য সম্পাদক ভবানন্দ কলিতাৰ নিবন্ধ গ্ৰন্থ “জীৱন লেছেৰি” ৷ভৱানন্দ কলিতা দেৱৰ জন্মদিন উপলক্ষে প্ৰণয়ন কৰি উলিওৱা এই গ্ৰন্থখনি বোকাখাতৰ পুৱতি সাহিত্য সভা ভৱনৰ প্ৰেক্ষাগৃহত পুৱতি সাহিত্য সভাৰ সভাপতি, সাহিত্যিক পেঞ্চনাৰ অপূৰ্ব বৰদলৈদেৱৰ সভাপতিত্বত অনুষ্ঠিত হোৱা গ্ৰন্থ উন্মোচনী এই সভাখনত বোকাখাত জিলা মইনা পাৰিজাতৰ সভাপতি মনোৰঞ্জন সেন দেৱে উন্মোচন কৰে। পুৱতি সাহিত্য সভাই প্ৰকাশ কৰা এই গ্ৰন্থ উন্মোচন অনুষ্ঠানত সাম্প্ৰতিক সময়ৰ কভিড১৯ প্ৰট’কলৰ নিয়ম মানি প্ৰায় ডেৰকুৰি শুভাকাংক্ষী তথা সদাশয় ব্যক্তি উপস্থিত আছিল৷ সাহিত্যিক পেন্সনাৰ অপূর্ব বৰদলৈৰ পৌৰহিত্যত হোৱা সভাত হেমেন হাজৰিকা, অচ্যুত হাজৰিকা, অমৰ শৰ্মা, পলিমা চেতিয়া বসুমতাৰী, গীতাঞ্জলি কলিতা, মিনতি দলে, ফনীধৰ হাজৰিকা, বিকুল শইকীয়া আদি বহু কেইগৰাকী লোকে কলিতাদেৱৰ সদ্য প্ৰকাশিত গ্ৰন্থখনৰ সন্দৰ্ভত বক্তব্য ৰাখে । সাংবাদিক বিতুপন বৰা, মনালিছা শইকীয়া,মৃদুস্মিতা শৰ্মা,অংকুৰ বৰঠাকুৰকে ধৰি বহুকেইজন লোক উপস্থিত থাকি অনুষ্ঠানটিৰ সৌষ্ঠৱ বৃদ্ধি কৰে ৷ ১৯৬২ চনত জন্মলাভ কৰা কলিতাদেৱ বৰ্তমান “দৈনিক অগ্ৰদূত” কাকতৰ বোকাখাতৰ প্ৰতিবেদক,”অসম টুডে”ৱেব চেনেলৰ সংবাদদাতা, বোকাখাত প্ৰেছ ক্লাৱৰ সভাপতি,”আপকু ” গোলাঘাট জিলা সমিতিৰ উপদেষ্টা,পুৱতি সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক,গোলাঘাট জিলা সাহিত্য সভাৰ প্ৰাক্তন উপ-সভাপতি,” অন্তৰংগ চ’ৰা” গোলাঘাটৰ উপ-সভাপতি, অসম সাহিত্য সভাৰ আজীৱন সভ্য,সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্থাৰ আজীৱন সদস্য,স্বেচ্ছাসেৱী সংস্থা ‘নৱ-তৰংগ’ৰ সভাপতি হোৱাৰ উপৰিও শংকৰদেৱ শিশু নিকেতন বোকাখাতৰ প্ৰতিষ্ঠাপক আচাৰ্য আৰু বৰ্তমান পৰিচালনা সমিতিৰ সভাপতি ৷বিভিন্ন কাকত আলোচনীত ইতিপূৰ্বে প্ৰকাশিত হৈ যোৱা কলিতাদেৱৰ নিজস্ব চিন্তাধাৰাৰে ৰচিত কিছু নিবন্ধ আৰু বিগত ডেৰকুৰি বছৰৰ সাংবাদিকতা কৰি ঘূৰি ফুৰা কিছু ভ্ৰমণ কাহিনীৰ সমষ্টি এই গ্ৰন্থখন ৷ইতিপূৰ্বে তেখেতৰ “এমুঠি চিন্তাৰ খোৰাক”,”ভিন্ন সময় ভিন্ন চিন্তা” আৰু “সময় সূঁতিত মেলিলোঁ ডিঙৰা” নামৰ নামৰ তিনিখনকৈ গ্ৰন্থ প্ৰকাশিত হৈছে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *