ক’ৰণাত বোকাখাতৰ জনদৰদী চিকিৎসক ডাঃ কাণুকৃষ্ণ বৰদলৈ আৰু বিশিষ্ট সমাজসেৱক তথা বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য শম্ভু দেৱৰ দেহাৱসান

কাজিৰঙা লাইভ, বোকাখাত, ২৮ ছেপ্তেম্বৰঃ বোকাখাতৰ জনদৰদী চিকিৎসক ডাঃ কাণুকৃষ্ণ বৰদলৈয়ে ক’ৰণাৰ সৈতে যুঁজ দি অৱশেষত আজি দুপৰীয়া মৃত্যুক সাৱটি লয়৷ মৃত্যুৰ সময়ত তেখেতৰ বয়স হৈছিল ৭৩ বছৰ৷ বোকাখাত নাহৰজানৰ বৰদলৈচুক নামৰ সৰু গাঁওখনত ১৯৪৭ চনৰ ছেপ্টেম্বৰ মাহত জন্মগ্ৰহণ কৰা ডাঃ বৰদলৈয়ে যোৰহাটত স্কুলীয়া শিক্ষা গ্ৰহণ কৰি ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত অধ্যয়ন কৰে৷ অধ্যয়ন সমাপ্ত কৰি ডিব্ৰুগড়ৰ এখন চাহ বাগিছাত চিকিৎসক হিচাপে কৰ্মজীৱন আৰম্ভ কৰে৷ পৰৱৰ্তী সময়ত বোকাখাতৰ ডিফলু চাহ বাগিছাৰ চিকিৎসক হিচাপে প্ৰায় ২২ বছৰ কাল সেৱা আগবঢ়ায় ৷ তাৰ পিছত টিয়কৰ এখন বাগিছাত চিকিৎসক হিচাপে যোগদান কৰি স্বেচ্ছামুলক অৱসৰ গ্ৰহণ কৰে৷ তেতিয়াৰ পৰাই তেখেত বোকাখাতৰ সমাজ জীৱনৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ পৰে৷ বিশেষভাৱে বোকাখাতৰ চিকিৎসা জগতত তেখেতৰ অৱদান আছিল অতিশয় গুৰুত্বপূৰ্ণ৷ যিসময়ত চিকিৎসা এক লাভজনক ব্যৱসায়ত পৰিণত হৈছে, সাধাৰণ ৰাইজৰ পক্ষে চিকিৎসাসেৱা গ্ৰহণ কৰাটো অসম্ভৱপ্ৰায় হৈ পৰিছে, তেনে সময়ত ডাঃ বৰদলৈ বোকাখাতৰ দৰিদ্ৰ জনতাৰ বাবে আছিল ভগৱান সদৃশ৷ অতি সামান্য পৰিমাণৰ মাচুলৰ বিনিময়তে ৰোগীক চিকিৎসা সেৱা প্ৰদান কৰাৰ বাবে সবৰ্সাধাৰণ লোকৰ মাজত তেওঁ অতিশয় প্ৰিয়পাত্ৰ হৈ পৰিছিল৷ ক’ভিড মহামাৰীয়ে চলোৱা ত্ৰাসৰ বাবে বয়োজেষ্ঠ চিকিৎসক ডাঃ বৰদলৈক শুভাকাংক্ষী লোকে তেওঁক চিকিৎসাসেৱাৰ পৰা বিৰত থাকিবলৈ আহ্বান জনাইছিল৷ সেই অনুসৰি, তেখেতে ৰোগী চোৱা কিছু পৰিমাণে কমাইছিল যদিও লোকৰ দুখত দুখী মনোভাৱৰ ডাঃ বৰদলৈয়ে ৰোগীৰ দুখ-দূৰ্দশা সহ্য কৰিব নোৱাৰি সাৱধানতা অৱলম্বন কৰি হ’লেও চলাই গৈছিল চিকিৎসা সেৱা৷ তাৰ মাজতে, হঠাৎ ৰোগাক্ৰান্ত হৈ পৰে চিকিৎসকজন৷ যোৱা ১৭ ছেপ্টেম্বৰত তেওঁক বোকাখাতৰ চিকিৎসালয়ত কৰা পৰীক্ষাত ক’ভিডত আক্ৰান্ত বুলি ধৰা পৰে৷ সন্দেহ কৰা অনুসৰি, কোনো ৰোগীৰ পৰাই তেওঁৰ গালৈ বিয়পে এই মাৰাত্মক ৰোগৰ বীজাণু৷ যাৰ বাবে তেওঁক যোৰহাট মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা হয়৷ তেতিয়াৰ পৰাই চিকিৎসাধীন হৈ থকাৰ অন্তত আজি দুপৰীয়া ১২ বজাত তেওঁ জীৱন যুঁজত হাৰ মানে৷ তেখেতৰ মৃত্যুৰ লগে লগে বোকাখাতৰ চিকিৎসাসেৱা জগতত সৃষ্টি হ’ল এক বিৰাট শূণ্যতা৷ ক্ৰীড়া অনুৰাগী ডাঃ বৰদলৈ বোকাখাতৰ একমাত্ৰ বিজ্ঞানৰ উচ্চ শিক্ষানুষ্ঠান চন্দ্ৰনাথ বেজবৰুৱা মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক সভাপতি আছিল৷ অতিশয় ব্যস্ততাৰ মাজতো তেওঁৰ সপোনৰ অন্যতম অনুষ্ঠান বিজ্ঞান মহাবিদ্যালয়খনৰ ৰূপালী জয়ন্তীৰ প্ৰাকমুহূৰ্তলৈকে পৰিচালনা সমিতিৰ সভাপতিৰ দায়িত্ব নিষ্ঠাৰে পালন কৰি আহিছিল৷ এজন ক্ৰীড়াপ্ৰেমী ব্যক্তি হিচাপে বোকাখাতৰ বিভিন্ন ক্ৰীড়ানুষ্ঠানৰ লগতো তেওঁ জড়িত আছিল৷ ইফালে, ক’ভিড প্ৰট’কলৰ বাবেই মৃত্যুৰ সময়ত ডাঃ উচিত সন্মান দিবলৈ অপাৰগ হোৱাৰ বাবে তেখেতৰ অনুৰাগী বোকাখাতবাসী দুখত ম্ৰিয়মাণ হৈছে৷ মৃত্যুৰ সময়ত ডাঃ বৰদলৈয়ে ৯৩ বছৰীয়া বৃদ্ধা মাতৃ, তিনিজন ভাতৃ আৰু তিনিগৰাকী ভগ্নীৰ লগতে ভতিজা-ভতিজীক ইহসংসাৰত এৰি গৈছে৷ ইফালে আজি একে সময়তে মহামাৰী কৰণা’ত অকালতে মৃত্যুক আকোঁৱালি ল’ব লগা হয় বোকাখাতৰে এজন সমাজসেৱক তথা বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য শম্ভু দেৱে ৷ বোকাখাত HP গেছ এজেন্সিৰ স্বতাধিকাৰী শম্ভু দেৱ বোকাখাতৰ প্ৰায়বোৰ অনুষ্ঠানৰ সৈতে জড়িত আছিল ৷ তেখেতৰ মৃত্যুত বোকাখাতত সৃষ্টি হৈছে এক শোকাবহ অৱস্থাৰ ৷ আজি দুয়োগৰাকী মৃতকৰ সৈতে বোকাখাতত কৰুণা’ত আক্ৰান্ত হৈ মৃত্যু হোৱা মৃতকৰ সংখ্যা ১৫ জনলৈ বৃদ্ধি পালে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *