আজি বিশ্ব পৰ্যটন দিৱস। কেনে আছে কাজিৰঙাৰ চৰকাৰী অতিথিশালা সমূহ।

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ২৭ ছেপ্টেম্বৰ: আজি বিশ্ব পৰ্যটন দিৱস। পৰ্যটন দিৱসৰ দিনটোত কাজিৰঙাৰ চৰকাৰী পৰ্যটন নিবাসে উদঙাইছে অসম পৰ্যটনৰ ফোঁপোলা স্বৰূপ। বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙাত থকা জহি খহি যোৱা অসম পৰ্যটন বিভাগৰ পৰ্যটক নিবাস সমূহে বিভাগটোৰ ভিতৰচৰাত চলা আৰাজকতা প্ৰতিচ্ছবি দাঙি ধৰিছে। অসম পৰ্যটন বিভাগৰ কাজিৰঙাত থকা বনানী, বনশ্ৰী, কুঞ্জবন আৰু জুপুৰি পৰ্যটক নিবাস ক্ৰমে জহি খহি যোৱাত ক্ষোভিত হৈ পৰিছে স্থানীয় ৰাইজ। ৰাজ্য চৰকাৰে লাখ লাখ টকা ব্যয় কৰি পৰ্যটন বিভাগৰ বিজ্ঞাপন প্ৰকাশ কৰাৰ লগতে বিশ্ব পৰ্যটন দিৱস পতাৰ আগতে এই সমূহ অতিথিশালাৰ মেৰামতিৰ বিষয়ে চিন্তা কৰাতো উচিত বুলি মত প্ৰকাশ কৰে স্থানীয় ৰাইজে। উল্লেখ যে, ষাঠি দশকতে কাজিৰঙাত নিৰ্মান হোৱা বনানী নামৰ পৰ্যটক নিবাসটোত নৈশ যাপন কৰিছিল প্ৰাক্তন প্ৰধান মন্ত্ৰী ইন্দিৰা গান্ধী, ৰাজীৱ গান্ধীৰ উপৰিও বহু বলিউডৰ তাৰকাই। কিন্তু কালক্ৰমত সেই পৰ্যটক নিবাসটো মেৰামতিৰ অভাৱত নিঃশেষ হোৱাৰ উপক্ৰম হৈছে। আনহাতে, অসম পৰ্যটন বিভাগৰ কুঞ্জবন নামৰ দৰমেটৰীটো সম্পূৰ্ণ নিঃশেষ হোৱাৰ লগতে বনশ্ৰী বনশ্ৰী পৰ্যটন নিবাসটো জহি খহি গৈছে। ইফালে, কংগ্ৰেছ চৰকাৰ দিনত কাজিৰঙাৰ গোলাঘাট আৰু কাৰ্বি আংলং জিলাৰ সীমান্তৰ এটা টিলাত আটক ধুনীয়াকৈ নিৰ্মান কৰা হৈছিল জুপুৰি নামৰ এটা অতিথিশালা। এটা ব্যক্তিগত খণ্ডই ২০১৮ বৰ্ষলৈকে চলাই থকাৰ সময়ত সুন্দৰকৈ আছিল অতিথিশালাটো। অতিথিশালাটোত কৰ্ম সংস্থাপন লাভ কৰিছিল কাজিৰঙাৰ প্ৰায় ত্ৰিশ জন নিবনুৱা যুৱক যুৱতীয়ে। কিন্তু ব্যক্তিগত খণ্ডৰ ম্যাদ উকলাৰ পাছত ৰাজ্য চৰকাৰে জুপুৰি নামৰ অতিথিশালাটো চৰকাৰী ভাবে চলোৱাৰ সিদ্ধান্ত লয় যদিও, সেয়া সম্ভৱ হৈ নুঠিল। যাৰ ফলত অতিথিশালাটো ধ্বংসৰ গৰাহলৈ গতি কৰাৰ লগতে সংস্থাপন হেৰুৱালে বহু যুৱক যুৱতীয়ে। স্থানীয় ৰাইজৰ চৰকাৰৰ প্ৰতি আহ্বান গুৰুত্বহীনতাৰ বাবে নিঃশেষ হোৱাৰ পথত গতি কৰা কাজিৰঙাৰ পৰ্যটন উদ্যোগৰ চৰকাৰী অতি পুৰণি অতিথিশালা সমূহ পুনৰ জীৱিত কৰি কাজিৰঙাৰ নিবনুৱা যুৱক যুৱতীক সংস্থাপনৰ ব্যৱস্থা কৰক।

Leave a Reply

Your email address will not be published. Required fields are marked *