বোকাখাতৰ উদীয়মান যুৱকৰ আকস্মিক মৃত্যু। বোকাখাতৰ লগতে কাজিৰঙাতো শোকৰ ছাঁ

মনোজ প্ৰতিম শইকীয়া,কাজিৰঙা লাইভ,২৫ ছেপ্তেম্বৰ : বোকাখাতৰ আমটেঙাৰ যুৱকৰ শোৱনী কোঠাত আকস্মিক মৃত্যু ৷ মৃত যুৱকজনৰ নাম মনজিৎ নাথ(২৭) ৷ মৃত্যুৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই ৷পৰিয়ালৰ লোকে স্থানীয় লোকৰ সহযোগত দুৱাৰ ভাঙি যুৱকজনক অচেতন অৱস্থাত উদ্ধাৰ কৰি ছহীদ কমলামিৰি অসামাৰিক চিকিৎসালয়ত ভৰ্তি কৰাই যদিও চিকিৎসকে মৃত ঘোষণা কৰে ৷ মৃত যুৱকজন উদীয়মান অভিনেতা তথা জুৱিন গাৰ্গৰ কলাগুৰু ফাউণ্ডেচনৰ সদস্য আছিল ৷ ইয়াৰোপৰি মৃত যুৱকজন কাজিৰঙাৰ কাজিফুল যুৱ সংঘৰ প্ৰতিষ্ঠাপক সদস্য থকাৰ লগতে বহুকেইখন নাটকৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছিল ৷যুৱকজনৰ মৃত্যুত বোকাখাতৰ লগতে কাজিৰঙাতো শোকঁৰ ছা পৰিছে ৷ কাজিফুল যুৱ সংঘইও যুৱকজনৰ আকস্মিক মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *