কাজিৰঙাৰ জনাঞ্চলত ঢেঁকীয়াপতীয়া বাঘৰ আতংক। বনাঞ্চলিক বিষয়াৰ কাৰ্য্যালয়ৰ সমীপতে ভক্ষণ কৰিলে ছাগলী।

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ২৪ ছেপ্তেম্বৰ : সম্প্ৰতি এটা ঢেঁকীয়াপতীয়া বাঘৰ সন্ত্ৰাসত ত্ৰস্তমান হৈ পৰিছে কাজিৰঙাৰ বাগৰিৰ অঞ্চলবাসী ৷প্ৰায় এমাহ ধৰি বাগৰিৰ জনাঞ্চলত সন্ত্ৰাস চলাই অহা এটা বাঘে এফালৰ পৰা নিধন কৰি গৈছে অঞ্চলটোৰ পোহনীয়া গৰু-ছাগলী ৷কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই আহি বাগৰিৰ কাৰ্বিপাহাৰৰ নামনিৰ হাবিত আশ্ৰয় লৈ থকা বাঘটোৱে চলাই অহা সন্ত্ৰাসত নিৰাপত্তা হীনতাত ভুগিছে বাগৰিৰ গ্ৰামাঞ্চলৰ লোকসকল ৷প্ৰথম অৱস্থাত দিনৰ ভাগত হাবিৰ মাজত আশ্ৰয় লৈ নিশা গোহালিত বান্ধি ৰখা গৰু – ছাগলী নিধন কৰা বাঘটোৱে এতিয়া দিন-দুপৰতে চিকাৰ কৰিবলৈ আৰম্ভ কৰিছে পশুধন ৷গৃহস্থৰ চকুৰ আগতেই থপিয়াই নিছে পোহনীয়া গৰু- ছাগলী ৷ গৃহস্থই এতিয়া ঢেঁকীয়াপতীয়াৰ ভয়তে গৰু- ছাগলী দিনতে গোহালিত বান্ধি ৰাখিব লগীয়া অৱস্থাৰ সৃষ্টি হোৱাৰ লগতে কোন মুহূৰ্তত নিজৰ পশুধন বাঘৰ পেটলৈ যায় তাৰ আশংকাত ক্ষণ গণি আতংকিত হৈ পৰিছে ৷শেহতীয়াকৈ বাগৰি বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ সন্মুখতে বাঘে আৰম্ভ কৰিছে সন্ত্ৰাস ৷বাঘ ধৰিবলৈ বনবিভাগে পিঞ্জৰা পাতিছে যদিও পিঞ্জৰাত ধৰা দিয়া নাই বাঘে ৷ফলত বাগৰিৰ ৰাইজে উজাগৰী নিশা পাৰ কৰিব লগাত পৰাৰ লগতে নিজৰ পশুধনক নিজৰ শুৱনি কোঠাত আশ্ৰয় দিব লগা হৈছে ৷নিজৰ কষ্টোপাৰ্জিত ধনেৰে গৰু-ছাগলী কিনি ভবিষ্যতত দুপইচা পোৱাৰ আশাৰে নিজৰ পশুধনক প্ৰতিপালন কৰি থকা অঞ্চলবাসীৰ এই আতংক বনবিভাগে অতি সোনকালেই অন্ত পেলাব বুলি আশা কৰিছে বাগৰিবাসী ৰাইজে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *