কাজিৰঙাত মন্ত্ৰীৰ অবৈধ নিৰ্মান। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশক অৱমাননা ৰাজ্যৰ বন বিভাগৰ

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ২৪ ছেপ্টেম্বৰ: কাজিৰঙাৰ কাঞ্চনজুৰিৰ এনিমেল কৰিডৰত অবৈধ নিৰ্মান কাৰ্য্য চলাৰ অভিযোগৰ ভিত্তিত প্ৰতিবেদন দাখিলৰ বাবে সৰ্বোচ্চ ন্যায়ালয়ে গঠন কৰি দিয়া Central empowered committee চমুকৈ CEC য়ে অসমৰ বনবিভাগক ইখনৰ পাছত সিখন পত্ৰ প্ৰেৰণ কৰাৰ পাছতো গা লৰা নাই ৰাজ্যৰ বন বিভাগৰ ৷ সেয়েহে এতিয়া ৰাষ্ট্ৰীয় ব্যাঘ্র সংৰক্ষণ প্ৰাধিকৰনে পত্ৰ প্ৰেৰণ কৰিছে ৰাজ্যৰ ৰাজ্যৰ চীফ ৱাইল্ড লাইফ ৱাৰ্ডেনলৈ। কাজিৰঙাৰ কাঞ্চনজুৰিৰ এনিমেল কৰিডৰত অবৈধ নিৰ্মাণ কাৰ্য চলাৰ অভিযোগৰ ভিত্তিত CEC এ ৰাজ্যৰ বনবিভাগৰ চিফ ৱাইল্ডলাইফ ৱাৰ্ডেনক প্ৰতিবেদন দাখিলৰ বাবে ইতিমধ্যে দুবাৰ পত্ৰ পত্ৰ প্ৰেৰণ কৰাৰ পাছতো কেৰেপ নকৰিলে বন বিভাগে ৷ একে প্ৰসংগতে CEC এ পত্ৰ প্ৰেৰণ কৰিলে ৰাজ্যৰ মুখ্য সচিবলৈ ৷ কিন্তু তাৰ পাছতো কোনো কেৰেপ নকৰিলে ৰাজ্যৰ বন বিভাগ আৰু চৰকাৰে। উল্লেখ্য যে সৰ্বোচ্চ ন্যায়ালয়ে চিহ্নিত কৰা কাজিৰঙাৰ ৯ টা বন্যপ্ৰাণী কৰিডৰৰ অন্যতম কাঞ্চনজুৰিত ৰাজ্য চৰকাৰৰ এজন প্ৰভাৱশালী মন্ত্ৰীয়ে অবৈধ নিৰ্মাণ কাৰ্য চলাই থকা অভিযোগ বিভিন্ন দল সংগঠনে উত্থাপন কৰি আহিছে ৷ লগতে গোলাঘাটৰ ৰোহিত চৌধুৰী নামৰ এজন ব্যক্তিয়ে উচ্চতম ন্যায়ালয়ত এখন PIL দাখিল কৰিছিল ৷ ১২ এপ্ৰিল ২০১৯ ত সৰ্বোচ্চ ন্যায়ালয়ে কাজিৰঙাৰ এনিমেল কৰিডৰত কোনো নিৰ্মান কাৰ্য চলাব নোৱাৰিব বুলি দিয়া নিৰ্দেশক উলংঘা কৰি কাজিৰঙাৰ কাঞ্চনজুৰিত নিৰ্মান কাৰ্য চলি থকাৰ অভিযোগ উচ্চতম ন্যায়ালয়ে গঠন কৰি দিয়া CEC ক দাখিল কৰিছিল ৰোহিত চৌধুৰীয়ে ৷অভিযোগৰ ভিত্তিত CEC য়ে যোৱা ৭ জুলাই ২০২০ তাৰিখে চিফ ৱাইল্ডলাইফ ৱাৰ্ডেনক প্ৰতিবেদন দাখিলৰ নিৰ্দেশ দিছিল যদিও সময় মতে প্ৰতিবেদন লাভ নকৰাত যোৱা ২৪ আগষ্টত পুনৰ পত্ৰ প্ৰেৰণ কৰে CEC এ ৷ তাৎপৰ্যপূৰ্ণ ভাৱে দ্বিতীয়বাৰ পত্ৰ প্ৰেৰণ কৰাৰ পাছতো প্ৰতিবেদন লাভ নকৰাত CEC যোৱা ১৫ ছেপ্তেম্বৰত পত্ৰ প্ৰেৰণ কৰিছে মুখ্য সচিবলৈ ৷ কিন্তু ইয়াৰ পাছতো বন বিভাগ আৰু চৰকাৰৰ গা নলৰাত ২১ ছেপ্টেম্বৰ তাৰিখে ৰাষ্ট্ৰীয় ব্যাঘ্র সংৰক্ষণ প্ৰাধিকৰণ চমুকৈ NTCA য়ে পুনৰ প্ৰতিবেদন দাখিলৰ নিৰ্দেশ দিছে চিফ ৱাইল্ডলাইফ ৱাৰ্ডেনক। অভিযোগ উত্থাপন হৈছে যে চৰকাৰৰ এজন প্ৰভাৱশালী মন্ত্ৰীৰ ছত্ৰছায়াত চলিছে এই অবৈধ নিৰ্মান কাৰ্য ৷ বন বিভাগৰ এই কাৰ্য্যত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে দল সংগঠনে ৷ দল সংগঠনৰ অভিযোগ মতে মন্ত্ৰীক ৰক্ষনা বেক্ষন দিয়াৰ বাবে বনবিভাগ আৰু ৰাজ্য চৰকাৰে প্ৰতিবেদন দিয়াৰ পৰা বিৰত আছে ৷এই ক্ষেত্ৰত দল সংগঠনৰ দাবী যে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাক অৱমাননা কৰা বিষয়া আৰু মন্ত্ৰীৰ বিৰুদ্ধে বিষয়টোৰ চৰকাৰে উচিৎ তদন্ত কৰি প্ৰতিবেদন দাখিল কৰক ৷ অন্যথা পৰৱৰ্তী সময়ত জংগী আন্দোলনৰ হুংকাৰ দিয়ে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ বোকাখাত জিলা সমিতিয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *