পশুপালন মন্ত্ৰী অতুল বৰা সমষ্টিত স্বোৱাইন ফিভাৰ। গুৰুত্ব নাই মন্ত্ৰী-আমোলাৰ।

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ২৫ ছেপ্তেম্বৰ : কাজিৰঙাত মৃত্যু হৈছে স্বোৱাইন ফিভাৰত আক্ৰান্ত গাহৰিৰ ৷ খোদ পশুপালন মন্ত্ৰী অতুল বৰাৰ নিজা সমষ্টিৰ বোকাখাতৰ মহকুমাৰ অন্তৰ্গত কাজিৰঙাৰ ৰঙাজানত ভয়াবহ ভাৱে সংক্ৰমিত হোৱা স্বোৱাইন ফিভাৰত জাকে জাকে গাহৰিৰ মৃত্যু হৈছে ৷ গঁৰালতে জাকে জাকে গাহৰিৰ মৃত্যু হোৱাত মূৰে-কপালে হাত দিব লগীয়া অৱস্থা হৈছে গাহৰি পালক সকলে। গাহৰি পালকৰ অভিযোগ, দীৰ্ঘ দিন ধৰি গাহৰিৰ অস্বাভাৱিক মৃত্যু হোৱাৰ পাছতো কোনো চিকিৎসাটো বাদেই কোনোধৰণৰ দিহা -পৰামৰ্শ দিবলৈকো উপস্থিত ন’হল পশু চিকিৎসা বিভাগৰ এজনো লোক ৷আনহাতে চৰকাৰে স্বোৱাইন ফিভাৰত আক্ৰান্ত গাহৰিক মাৰি পেলাবলৈ দিয়া নিৰ্দেশ আৰু ক্ষতিপূৰণ দিয়াৰ আশ্বাস সন্দৰ্ভত ভুক্তভোগী গাহৰি পালক সকলে নিজৰ ক্ষোভ প্ৰকাশ কৰাৰ লগতে জানিবলৈ দিয়ে যে বিগত সময়ত এনেদৰে মৃত্যু হোৱা গাহৰিৰ হিচাব ল’বলৈকে আজি পৰ্যন্ত কোনো চৰকাৰী লোক আহি এই অঞ্চলত উপস্থিত ন’হল ৷ তেনেস্থলত অঞ্চলবাসীক এইক্ষেত্ৰত ক্ষতি পূৰণ দিবলৈ হ’লে ইতিমধ্যে মাৰি পেলোৱা গাহৰিৰ হিচাব চৰকাৰে কেনেকৈ পাব তাকে লৈ প্ৰশ্ন উত্থাপন হৈছে গাহৰি পালকৰ মাজত ৷ ইফালে, খোদ পশুপালন মন্ত্ৰী অতুল বৰাৰ সমষ্টিতে গাহৰি পালকৰ এই অৱস্থা যেতিয়া ৰাজ্যৰ আন প্ৰান্তত পশুপালকৰ কি অৱস্থা হব পাৰে ইয়াকে লৈ চৰ্চা হৈছে সচেতন মহলত।

Leave a Reply

Your email address will not be published. Required fields are marked *