কাজিৰঙাত ক’ভিড ১৯ ত আক্ৰান্ত হৈ এজনৰ মৃত্যু।

কাজিৰঙা লাইভ, বোকাখাত, ২৪ ছেপ্টেম্বৰ: কাজিৰঙাত বৃদ্ধি পাইছে ক’ভিড ১৯ ত আক্ৰান্তৰ সংখ্যা ৷ক’ভিড ১৯ ৰ সংক্ৰমন বৃদ্ধি পোৱাৰ বাবে আতংকৰ সৃষ্টি হৈছে কাজিৰঙাত ৷কিছুদিন পূৰ্বে কাজিৰঙাৰ গেলেকীত ক’ভিড আক্ৰান্ত হৈ এজন লোকৰ মৃত্যু হোৱাৰ পাছত বৃহস্পতিবাৰে কঁহৰাৰ ক’ভিড আক্ৰান্ত হৈ পুনৰ এজন লোকৰ মৃত্যু ঘটিছে ৷ মৃত ব্যক্তিজন কহঁৰা চাৰিআলিৰ জিতেন্দ্ৰ নাথ চৌধুৰী (৬২) ৷ যোৱা কেইদিনমানৰ পৰা জ্বৰ আৰু গা বিষত আক্ৰান্ত হৈ আছিল ব্যক্তিজন ৷ বৃহস্পতিবাৰে জ্বৰত ভুগি থকা ব্যক্তিজনক কহঁৰাৰ পৰা বোকাখাতৰ ছহীদ কমলামিৰি অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে ৷ চিকিৎসালয়ত ক’ভিড পৰীক্ষাত ব্যক্তিগৰাকীৰ পজিটিভ আহে ৷ কিন্তু চিকিৎসা প্ৰদানৰ পূৰ্বেই ব্যক্তিজনৰ মৃত্যু ঘটেবুলি জানিব পৰা গৈছে ৷ ব্যক্তিগৰাকীৰ পৰিয়ালৰ সকলোৰে ৰেপিড এন্টিজেন পৰীক্ষাত নিগেটিভ আহে যদিও মৃত চৌধুৰীৰ পত্নীও ক’ভিডত আক্ৰান্ত হয় ৷ বোকাখাতত বৰ্তমানলৈকে ১৩৭২ গৰাকী ক’ভিডত আক্ৰান্ত হোৱাৰ বিপৰীতে ৯ জন ব্যক্তিৰ মৃত্যু ঘটিছে ৷ ক’ভিডত আক্ৰান্ত হৈ মৃত্যু হোৱা চৌধুৰী অৱসৰ প্ৰাপ্ত বায়ু সেনা জোৱান আছিল ৷

Leave a Reply

Your email address will not be published. Required fields are marked *