উচ্ছেদকলৈ চৰকাৰৰ সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ ৷

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ২৩ ছেপ্তেম্বৰ : “সকলোৰে আনন্দ সৰ্বানন্দ”বুলি শ্লোগান দি অসমৰ ৰাজপাট দখল কৰা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ নেতৃত্বাধীন চৰকাৰখনে ৩৫০ টা পৰিয়ালৰ আনন্দ কাঢ়ি নি নিৰানন্দ কৰিবলৈ বিচৰা কাৰ্য্যৰ বিৰুদ্ধে সম্প্ৰতি সৰৱ হৈ উঠিছে অসম চাহ জনজাতি সন্থা৷ উল্লেখ যে , কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান তথা ব্যাঘ্ৰ সংৰক্ষণৰ ২য়,৩য় আৰু ৫ম সংযোজন হিচাবে ঘোষণা কৰা এলেকাত বসবাস কৰি থকা লোক সকলক উচ্ছেদৰ বাবে চৰকাৰে লোৱা সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰি আটছাই দাবী কৰে যে বছৰ বছৰ ধৰি এই এলেকা সমূহত বসবাস কৰি অহা চাহজনগোষ্ঠীৰ লগতে বিভিন্ন জনগোষ্ঠীৰ লোক সকলক প্ৰথমে ভূমি পট্টা প্ৰদান কৰক চৰকাৰে ৷আটছাৰ অভিযোগ মতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ব্যাঘ্ৰ প্ৰকল্পৰ বাবে সংযোজনৰ অন্তৰ্ভুক্ত কৰা এলেকাত বসবাস কৰি অহা লোক সকলৰ শুনানি গ্ৰহন নকৰাকৈ চৰকাৰে অবৈধ দখলকাৰী হিচাবে দিয়া প্ৰতিবেদনত ২০১৫ চনত সংযোজন এলেকাত বসবাস কৰা লোক সকলক উচ্ছেদৰ নিৰ্দেশনা জাৰি কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে ৷ আটছাৰ দাবী উচ্ছেদ কৰিব বিচৰা হাতীখুলি চাহবাগিছা এসময়ত জনবসতি পূৰ্ণ গাঁও আছিল ৷ খেতিবাতি কৰি জীৱন নিৰ্বাহ কৰি অহা লোক সকলক ভূমি পট্টা দিয়াৰ বাবে দল সংগঠনে বিভিন্ন সময়ত দাবী জনাই আহিছে যদিও চৰকাৰে গুৰুত্ব প্ৰদান নকৰি উচ্ছেদৰহে প্ৰস্তোতি চলাইছে ৷ইতিমধ্যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাফাৰ জ’ন হিচাবে চিহ্নিত কৰা এলেকাত বসবাস কৰা ৬৭২ টা পৰিয়ালৰ ভিতৰত প্ৰায় ৩৫০ টা পৰিয়ালক ক্ষতি পূৰণ নিদিয়াকৈ উচ্ছেদ কৰিব বিচাৰিছে ৷আটছাৰ দাবী প্ৰথমে সংযোজন এলেকাভূক্ত লোক সকলক ভূমি অধিকাৰ প্ৰদান কৰি ক্ষতি পূৰণৰ দিয়াৰ ব্যৱস্থা কৰক ৷তাৰ পাছতহে ন্যায়ালয়ৰ নিৰ্দেশনা পালন কৰক ৷ইয়াৰ অন্যথা তীব্ৰ আন্দোলনৰ পথ গ্ৰহণ কৰিব বুলি স্পষ্ট মত প্ৰকাশ কৰিলে আটছাই ৷মঙলবাৰে আটছাৰ বোকাখাত সমিতিয়ে তেওঁলোকৰ দাবী সম্বলিত এখন স্মাৰকপত্ৰ বোকাখাত মহকুমা প্ৰশাসনৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে আৰু আশা কৰে যাতে জনসাধাৰণৰ চৰকাৰ বুলি সততে দাবী কৰি অহা সৰ্বানন্দ সোনোৱালৰ নেতৃত্বাধীন চৰকাৰখনে জনসাধাৰণৰ পক্ষত থাকি এক সঠিক পদক্ষেপ গ্ৰহণ কৰিব।

Leave a Reply

Your email address will not be published. Required fields are marked *