বোকাখাতৰ নাহৰজান চাহ বাগিছাত অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ ২ ঘণ্টীয়া ধৰ্মঘট কাৰ্য্যসূচী।

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ২২ ছেপ্টেম্বৰ : আগন্তুক বিধান সভাৰ নিৰ্বাচনত বৃহৎ প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰখনে। কিয়নো এইবাৰ চৰকাৰৰ বিৰুদ্ধে ক্ষোভৰ উদ্গীৰণ ঘটিছে চাহ জনগোষ্ঠীয় অঞ্চলত। বাগিছাই বাগিছাই সাব্যস্ত হৈছে বৃহৎ প্ৰতিবাদ৷ কংগ্ৰেছ চৰকাৰৰ পোন্ধৰ বছৰ শাসনৰ পাছতেই এইবাৰ বিজেপি চৰকাৰ খনেও চাহ জনগোষ্ঠীয় লোকসকলক প্ৰতাৰণা কৰি অহাৰ অভিযোগ তুলিছে অসম চাহ জনজাতি ছাত্ৰ সন্থাই।গাদীত বহাৰ পূৰ্বেই চাহ জনগোষ্ঠীয় লোকৰ সকলো সমস্যা সমাধানৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল বিজেপি নেতৃত্বাধীন চৰকাৰখনে ।কিন্তু কাৰ্য্যত পৰিণত নহ’ল সেই প্ৰতিশ্ৰুতি। অসাৰ হৈ ৰ’ল চাহ জনগোষ্ঠীয় লোক সকলক দিয়া সকলো প্ৰতিশ্ৰুতি৷ যাৰ বাবে উত্তাল প্ৰতিবাদত কপিছে ৰাজ্যৰ চাহ বাগিছা অঞ্চলসমুহ। বোকাখাতৰ নাহৰজান চাহ বাগিছাৰ মুখ্য কাৰ্যালয় কঁপালে অসম চাহ জনজাতি ছাত্র সন্থাৰ লগতে শ শ চাহ শ্ৰমিক ৰাইজে৷চাহ শ্ৰমিকৰ দৈনিক মজুৰী ৩৫০ টকালৈ বৃদ্ধি কৰা আৰু মাটিৰ পট্টা প্ৰদান কৰাৰ,চাহ শ্ৰমিকক ২০ শতাংশ বোনাচ দিয়াৰ লগতে জনজাতিকৰণ তথা বাগিছা অঞ্চলৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত ২ঘন্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে ছাত্ৰ সংগঠন টোৰ লগতে শতাধিক ৰাইজে।

Leave a Reply

Your email address will not be published. Required fields are marked *