বোকাখাতৰ বিদায়ী মহকুমাধিপতিক ‘কাজিৰঙা লাইভ’ৰ বিদায় সম্ভাষণ

নিউজ ডেস্ক, কাজিৰঙা লাইভ,১৭ ছেপ্টেম্বৰ: বোকাখাত মহকুমাৰ বিদায়ী মহকুমাধিপতি বিবেক শ্যামক কাজিৰঙা লাইভৰ তৰফৰ পৰা বিদায় সম্ভাষণ জনোৱা হয় ৷এখন প্ৰশস্তি পত্ৰৰে মহকুমাধিপতি গৰাকীক সম্বৰ্ধনা জ্ঞাপন কৰে কাজিৰঙাৰ ৱেব পৰ্টেল “কাজিৰঙা লাইভ”ৰ কৰ্মকৰ্তা সকলে ৷ উল্লেখ্য যে বোকাখাত মহকুমাৰ মহকুমাধিপতি হিচাবে ২০১৮ চনৰ ফেব্ৰুৱাৰী মাহত যোগদান কৰি এ চি এছ বিবেক শ্যাম ডাঙৰীয়াই বোকাখাত মহকুমাৰ প্ৰশাসনিক মুৰব্বী হিচাবে প্ৰায় আঢ়ৈ বছৰ কাৰ্যনিৰ্বাহ কৰাৰ পাছত চৰকাৰী নিয়ম অনুসৰি বিষয়া গৰাকীক যোৰহাট জিলাৰ অতিৰিক্ত উপায়ুক্ত হিচাবে বোকাখাতৰ পৰা বদলি কৰিছে চৰকাৰে ৷ বোকাখাত মহকুমাৰ মহকুমাধিপতি হিচাবে কৰ্মৰত থকাৰ সময়চোৱাত বিষয়া গৰাকীৰ প্ৰশাসনিক কামকাজৰ সবল ভূমিকাক সকলোৱে প্ৰশংসা কৰিছে ৷ বিশেষ ভাৱে বোকাখাত মহকুমাত শান্তি সম্প্ৰতি অটুত ৰখাৰ ক্ষেত্ৰত বিষয়া গৰাকীৰ ঐকান্তিক প্ৰচেষ্টাক একেমুখে শলাগ লৈছে বোকাখাত মহকুমাবাসীয়ে ৷ বোকাখাত মহকুমাৰ প্ৰশাসনিক কামকাজৰ উপৰিও বোকাখাতৰ সাহিত্য- সংস্কৃতিৰ জগত খনৰ সৈতেও বিষয়া গৰাকীৰ এক নিবিড় সম্পৰ্ক গঢ়লৈ উঠিছিল ৷ এজন সংগীত শিল্পী হিচাবেও খ্যাত বিবেক শ্যামে জনসাধাৰণৰ প্ৰতি কৰা বন্ধুত্ব সুলভ ব্যৱহাৰে সকলোকে আকৃষ্ট কৰাৰ সমান্তৰালভাৱে সহযোগিতাৰে সকলো ক্ষেত্ৰতে কাম কৰি যোৱাতো অৰিহণা যোগোৱাৰ কথাও সকলোৱে আন্তৰিকতাৰে উল্লেখ কৰে ৷বোকাখাত মহকুমাৰ মহকুমাধিপতি হিচাবে কাৰ্য্য নিৰ্বাহ কৰি বোকাখাতলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে ‘কাজিৰঙা লাইভ’ৰ তৰফৰ পৰা তেখেতলৈ ধন্যবাদ জ্ঞাপন কৰি অনাগত কৰ্মময় জীৱনৰ সকলো দিশতে তেখেতৰ সফলতা কামনা কৰিলে ‘কাজিৰঙা লাইভ’ৰ কৰ্মকৰ্তা সকলে ৷আনহাতে কাজিৰঙা প্ৰেছ ক্লাৱৰ তৰফৰ পৰাও প্ৰশাসনিক বিষয়া গৰাকীক বিদায় সম্ভাষণ জনোৱা হয় ৷

Leave a Reply

Your email address will not be published. Required fields are marked *