কলিয়াবৰৰ নহৰু বস্তিত ভয়ংকৰ পথ দুৰ্ঘটনা। নিহত তিনিজন

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ১৬ ছেপ্টেম্বৰ: মঙলবাৰে নিশা কলিয়াবৰৰ নহৰু বস্তিত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। মহিলা-শিশু সহ তিনিজন থিতাতে নিহত হোৱাৰ লগতে গুৰুতৰ ভাবে আহত হয় তিনিজন ৷ নহৰুবস্তিৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথৰ ওপৰত ৰখাই থোৱা এ এছ ০৯ এচি ৩৬৩৫ নম্বৰৰ ট্ৰাকখনত এ এছ ০২ টি ৪৭৭৫ নম্বৰৰ গাড়ীখনে পচন্দ খুন্দা মৰাৰ ফলতে শোকাৱহ দুৰ্ঘটনাটো সংঘটিত হয়। দুৰ্ঘটনাটোত নাজমা বেগম ,এলিছা হাজৰিকা আৰু নয়ন বৈশ্য নামৰ তিনিজন নিহত হয়। গুৰুতৰভাৱে আহত হয় এলিনা বেগম,আহমেদ হুছেইন আৰু লটিফা বেগম নামৰ তিনিজন ৷ নিহত নয়ন বৈশ্যৰ ঘৰ নলবাৰীত আৰু আন আহত নিহত সকল যোৰহাট পুলিবৰৰ বুলি জানিব পৰা গৈছে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *