গঁড় দিৱস উপলক্ষে মুক্ত সেউজ কণ্ঠৰ ব্যতিক্ৰমী অনুষ্ঠান

মনোজ প্ৰতিম শইকীয়া, কাজিৰঙা লাইভ, ১২ ছেপ্তেম্বৰ :
ন’বেল কৰণা ভাইৰাছৰ প্ৰতি লক্ষ্য ৰাখি অহা ২২ ছেপ্টেম্বৰ তাৰিখে বিশ্ব গঁড় দিৱসৰ সৈতে সংগতি ৰাখি বেচৰকাৰী প্ৰকৃতিপ্ৰেমী সংস্থা ‘মুক্ত সেউজ কণ্ঠ’ কাজিৰঙাৰ উদ্যোগত প্ৰথম বাৰৰ বাবে অসম ভিত্তিত অনলাইন চিত্ৰাংকন প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে ৷ প্ৰতিযোগীয়ে অঁকা ছবিৰ লগতে অংকণ কৰা ছবিৰ ৩০ ছেকেণ্ডৰ ভিডিঅ’ ৰেকৰ্ডিং কৰি ৯৯৫৭৮৪৬৯৫২ বা ৮৮১২০২১৮৯০ ৱাটছএপ নম্বৰত ২০ ছেপ্টেম্বৰৰ ভিতৰত প্ৰেৰণ কৰাৰ আহ্বান জনাইছে সংস্থাটোৱে ৷ তদুপৰি তিনিটা শাখাত বিভক্ত কৰি তিনিটা নিৰ্দ্ধাৰিত বিষয়ৰ ওপৰত প্ৰতিযোগীসকলে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পাৰিব ৷ প্ৰথম শ্ৰেণীৰ পৰা চতুৰ্থ শ্ৰেণীত অধ্যয়নৰত শিক্ষাৰ্থীসকলৰ বাবে “ক”শাখাৰ বিষয় “ভাৰতীয় এক খৰ্গযুক্ত গঁড়”,পঞ্চম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ অধ্যয়নৰত শিক্ষাৰ্থীসকলৰ বাবে “খ”শাখাৰ বিষয় “আফ্ৰিকাৰ দুই খৰ্গযুক্ত গঁড় আৰু ভাৰতীয় এক খৰ্গযুক্ত গঁড়” আৰু নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীত অধ্যয়নৰত শিক্ষাৰ্থীসকলৰ বাবে “গ”শাখাৰ বিষয় “গঁড় অলৌকিক প্ৰাণী নহয় ৷ ইয়াৰ খৰ্গৰ কোনো ঔষধী গুণ নাই” ৷ অহা ২২ ছেপ্টেম্বৰত প্ৰতিযোগিতাৰ ফলাফল অনলাইন যোগে মুক্ত সেউজ কণ্ঠৰ ফেচবুক মজিয়াত ঘোষণা কৰা হ’ব । প্ৰতিগৰাকী বিজয়ী প্ৰতিযোগীলৈ আগবঢ়োৱা হ’ব উপহাৰৰ লগতে একোখনকৈ প্ৰশংসাপত্ৰ।প্ৰতিদিনাই অহা ছবি সমূহ মুক্ত সেউজ কণ্ঠ ফেচবুক পেজত প্ৰচাৰ কৰা হব বুলি জানিবলৈ দিছে মুক্ত সেউজ কণ্ঠৰ বিষয়ববীয়াই ৷তদুপৰি অনুষ্ঠানটোত সকলোৰে সহযোগিতা কামনা কৰিছে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *