কাজিৰঙাত ধ্বংসৰ গৰাহত সামাজিক বনানিকৰণ বিভাগৰ স্মৃতি উদ্যান। দল সংগঠনৰ প্ৰতিক্ৰিয়া,নিৰ্লিপ্ত সামাজিক বনানিকৰণ বিভাগ

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ১২ ছেপ্তেম্বৰ : কাজিৰঙাত ধ্বংসৰ গৰাহত সামাজিক বনানি কৰণ বিভাগৰ স্মৃতি উদ্যান ৷কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সুৰক্ষাৰ বাবে প্ৰাণ আহুতি দিয়া বনকৰ্মী সকলৰ স্মৃতি ৰক্ষাৰ বাবে ৰাজ্যৰ সামাজিক বনানি কৰণ বিভাগে ৩০ বছৰৰ পূৰ্বে কাজিৰঙাৰ কহঁৰাত নিৰ্মাণ কৰিছিল এখন স্মৃতি উদ্যান ৷প্ৰথম অবস্থাত সুন্দৰ ভাৱে সজাই তোলা হৈছিল স্মৃতি উদ্যান খন ৷কাজিৰঙালৈ অহা পৰ্যটকেও যাতে উদ্যান খনত কিছু সময় অতিবাহিত প্ৰকৃতিৰ বাবে আত্ম বলিদান দিয়া শ্বহীদ সকলৰ ত্যাগক অনুধাৱন কৰিব পাৰে তাৰবাবে এক পৰিকল্পনাৰ মাজেৰে নিৰ্মাণ কৰা হৈছিল উদ্যানখন ৷ কিন্তু পৰিতাপৰ কথা যে সামাজিক বনানিকৰণ বিভাগটোৰ নিৰ্লিপ্ততাৰ বাবে ধ্বংসৰ গৰাহলৈ গতি কৰিছে স্মৃতি উদ্যান খন ৷বিভাগটোৰ অস্তিত্বৰ ওপৰত সন্দেহৰ অৱকাশৰ সৃষ্টি কৰি অসামাজিক কাৰ্যকলাপৰ ঘাটি হৈ পৰিছে চৰকাৰী উদ্যানখন ৷আনকি খুদ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই উদ্যানখনৰ দুৰৱস্থাৰ বাবে দুখ প্ৰকাশ কৰি স্মৃতি উদ্যানখন কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক অৰ্পন কৰিবলৈ আহ্বান জনাইছে সামাজিক বনানি কৰণ বিভাগক। আনহাতে উদ্যানখনৰ এই দুৰৱস্থাৰ বাবে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে কাজিৰঙাত ৷সামাজিক বনানি কৰণ বিভাগৰ এনে নিৰ্লিপ্ততা বন শ্বহীদ সকলৰ বাবে অপমান বুলি অভিহিত কৰি বিভাগটোৰ বিৰোদ্ধে সৰৱ হৈ পৰিছে দল সংগঠন ৷ দল সংগঠনৰ দাৱী যে অতি সোনকালে বিভাগটোৱে বন শ্বহীদৰ সোৱঁৰণত নিৰ্মান কৰা স্মৃতি উদ্যানখন পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হিছাবে গঢ়ি তোলক ৷

Leave a Reply

Your email address will not be published. Required fields are marked *