অক্টোবৰৰ প্ৰথম সপ্তাহত পৰ্যটকৰ বাবে মুকলি হব কাজিৰঙা। কি কি নিয়ম থাকিব?

নিউজ ডেস্ক,কাজিৰঙা লাইভ,১১ ছেপ্তেম্বৰ : কভিড প্ৰটকল মানি অক্টোবৰৰ প্ৰথম সপ্তাহতে দেশী বিদেশী পৰ্যটকৰ বাবে মুকলি কৰা হ’ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ৷ কিন্তু ৬৫ বছৰৰ ওপৰৰ আৰু ১০ বছৰৰ তলৰ কোনো পৰ্যটক প্ৰৱেশ কৰিব নোৱাৰিব ৰাষ্ট্ৰীয় উদ্যানখনত ৷ৰাষ্ট্ৰীয় ব্যাঘ্ৰ সংৰক্ষণ প্ৰাধিকৰণ চমুকৈ এন টি চি এ এই সন্দৰ্ভত কিছু নিৰ্দেশনা প্ৰেৰণ কৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ ৷বৃহস্পতিবাৰে বনবিভাগৰ পৰমানন্দ লাহন প্ৰেক্ষাগৃহত জীপ আৰু হাতী ছাফাৰী সংস্থা ,ৰিজৰ্ট মালিক সন্থাৰ লগতে পৰ্যটনৰ লগত জড়িত লোক সকলৰ লগত আলোচনাত মিলিত হৈ এই কথা সদৰি কৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই ৷কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক পি শিৱকুমাৰে প্ৰকাশ কৰা মতে ৰাষ্ট্ৰীয় উদ্যানত প্ৰেৱেশ কৰা পৰ্যটক বাহন সমূহৰ প্ৰৱেশ দ্বাৰত চেনিটাইজাৰ কৰা হ’ব ৷আনহাতে উদ্যানত প্ৰৱেশ কৰাৰ আগতে সকলো পৰ্যটকৰ শাৰীৰিক উত্তাপ পৰীক্ষা কৰা হ’ব ৷ শাৰীৰিক অসুস্থতাৰ লক্ষন দেখা পালে পৰ্যটকক কোৱাৰেন্টাইন কৰাৰ ব্যৱস্থা ল’ব প্ৰশাসনে ৷ ২০২০-২১ পৰ্যটন বৰ্ষত পৰ্যটকৰ বাবে চিৰাং পাহাৰত হিল ট্ৰেকিঙৰ ব্যৱস্থা কৰাৰ লগতে নদী পৰ্যটনৰো আঁচনি লোৱা হৈছে ৷আঁচনি মতে বন বিভাগৰ স্পীড ব’টেৰে পৰ্যটকে ব্ৰহ্মপুত্ৰ নদীত কলীয়া ভূমোৰাৰ পৰা শিলঘাট ,তেজপুৰৰ গণেশ ঘাট আৰু বুঢ়া চাপৰিলৈ যাব পাৰিব ৷অৱশ্য বানে বিধ্বস্ত কৰি যোৱা ৰাষ্ট্ৰীয় উদ্যানৰ বাট পথ সমূহ বৰষুণৰ বাবে মেৰামতি কৰাত বাধাৰ সৃষ্টি হৈছে ৷ইয়াৰ মাজতে যদি সকলো সুকলমে হয় তেনেহ’লে নিৰ্ধাৰিত সময়তে ৰাষ্ট্ৰীয় উদ্যানখন পৰ্যটকৰ বাবে মুকলি কৰাটো প্ৰায় নিশ্চিত ৷

Leave a Reply

Your email address will not be published. Required fields are marked *