কাজিৰঙাত উদযাপন ৰাষ্ট্ৰীয় বন শ্বহীদ দিৱস

নিউজ ডেস্ক,কাজিৰঙা লাইভ,১১ ছেপ্তেম্বৰ : আজি বন শ্বহীদ দিৱস ৷প্ৰকৃতি সংৰক্ষণৰ বাবে প্ৰাণ আহুতি দিয়া বনকৰ্মী সকলক স্মৰণ কৰাৰ বাবে উৎসৰ্গা কৰা হৈছে এই বিশেষ দিনতো ৷কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত কৰ্তব্যৰত অৱস্থাত মৃত্যু বৰণ কৰা বনশ্বহীদ সকলক স্মৰণ কৰাৰ উৰ্দেশ্যেৰে আজি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই বনশ্বহীদ স্মৰণৰ এক অনুষ্ঠানৰ আয়োজন কৰে ৷কাজিৰঙাৰ কহঁৰাৰ স্মৃতি উদ্যানত আয়োজন কৰা অনুষ্ঠানত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বনশ্বহীদ সকলৰ একাংশৰ পৰিয়ালক সম্বৰ্ধনা জ্ঞাপন কৰে উদ্যান কৰ্তৃপক্ষই ৷আনহাতে প্ৰকৃতি সংৰক্ষনৰ বাবে প্ৰাণ আহুতি দিয়া বনশ্বহীদ সকলক বনবিভাগে দিয়া সন্মানৰ বাবে আনন্দৰ মাজতে আৱেগিক হৈ পৰে বনশ্বহীদৰ পৰিয়ালবৰ্গ ৷

Leave a Reply

Your email address will not be published. Required fields are marked *