সুধাকণ্ঠৰ মৰমৰ ঘৰখনত প্ৰৱেশত বাধা সংৰক্ষণৰ দায়িত্ব লম বুলি প্ৰকাশ কৰা এ আই ইউ দি এফ ক

নিউজ ডেস্ক,কাজিৰঙা লাইভ,৯ ছেপ্তেম্বৰ : সুধাকণ্ঠ ড:ভূপেন হাজৰিকাৰ কলিয়াবৰৰ ঘৰখন মেৰামতিৰ বাবে আহি বিফল মনোৰথ হৈ উভতি যাব লগিয়া হ’ল এ আই ইউ ডি এফ দল ৷উল্লেখ্য যে সুধাকণ্ঠৰ কুঠৰীৰ ঘৰখনৰ দুৰৱস্থা তেখেতৰ জন্ম দিনত সংবাদ মাধ্যমত প্ৰকাশ পোৱাৰ পাছতে ঘৰখন মেৰামতিৰ সিদ্ধান্ত গ্ৰহন কৰে বদৰুদ্দিন আজমলে ৷সেইমতে দলৰ কেন্দ্ৰীয় সম্পাদক সহ কেইবাজনো দলীয় নেতা বুধবাৰে আহি উপস্থিত হয় কুঠৰীত ৷কিন্তু ঘৰৰ সীমাত প্ৰৱেশ কৰাত বাধা আহিল প্ৰশাসনৰ ৷কিয়নো ভূপেনদাৰ ঘৰটোৰ সৈতে ভূমি অংশ ইতিমধ্যে এজন ব্যক্তিয়ে ক্ৰয় কৰিছে ৷গতিকে ক্ৰয় কৰা ব্যক্তিজনৰ আৱেদনৰ ভিত্তিত প্ৰশাসনে এ আই ইউ ডি এফৰ প্ৰতিনিধি দলটোক ঘৰৰ সীমাত প্ৰৱেশ কৰাত বাধা প্ৰদান কৰে ৷আনহাতে কুঠৰীৰ স্থানীয় লোক সকলৰ মতে চৰকাৰে সমগ্ৰ সম্পত্তি চৰকাৰৰ হাতলৈ নিয়াৰ বাবে মালিক পক্ষৰ লগত আলোচনা কৰি আছে ৷গতিকে কোনো ৰাজনৈতিক দলে ঘৰটোৰ নিৰ্মান কৰাতকৈ চৰকাৰে ভূপেনদাৰ সম্পত্তি ভাগ সংৰক্ষনৰ ব্যৱস্থা লওক ৷তদুপৰি ঘৰখন চোৱা চিতাৰ দায়িত্বত থকা সুৰেণ নেঁওগ নামৰ লোক জনে মন্তব্য কৰে যে আৰু দুমাহৰ ভিতৰত যদি চৰকাৰে ঘৰখন মেৰামতিৰ ব্যৱস্থা নলয় তেনেহ’লে মালিক পক্ষ বা আন কোনো লোকে এই কাম। হাতত লোৱাত কোনো বাধা নাথাকিব ৷এ আই ডি ইউ এফে এই সন্দৰ্ভত ৰাজনৈতিক কোনো উৰ্দেশ্য নাই বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *