কাজিৰঙাৰ এখন গাওঁত বাঘৰ উপদ্ৰপ, বাঘৰ আক্ৰমণত মৃত্যু কেইবাটাও পশুধন। নিৰ্বিকাৰ কাৰ্বি আংলং,কাজিৰঙা বন বিভাগ

নিউজ ডেস্ক,কাজিৰঙা লাইভ,৬ ছেপ্তেম্বৰ : কাজিৰঙাৰ এখন গাওঁৰ ৰাইজৰ নিদ্ৰাহৰণ কৰিছে এটা ঢেকিয়াপতীয়া বাঘে ৷ বিগত প্ৰায় পাচঁটা দিনত বনৰজাই গৃহস্থৰ গোহালিতে নিধন কৰি গৈছে ইটোৰ পাছত সিটো পশুধন ৷ ইয়াৰ পাছতো নিৰ্বিকাৰ কাজিৰঙা,কাৰ্বি আংলং বন বিভাগ ৷ উল্লেখ্য যে যোৱা পাচটা দিনত এটা ঢেকিয়াপতীয়াই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দক্ষিনৰ তথা কাৰ্বি আংলং আৰু নগাওঁ জিলাৰ সীমান্তৰ ১ নং বাগৰিৰ ৰংপি গাওঁত সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছে ৷ দৈনিক বাঘৰ চিকাৰত নিধন হয় গৰু ৷ স্থানীয় ৰাইজৰ অভিযোগ যে নিধন হোৱা গৰুৰ ফটো লৈয়ে দায়িত্ব সামৰিছে বন বিভাগে ৷ এটা পিঞ্জৰা দিয়াৰ দাৱী কৰিছিল আজিকোপতি সেই ঠাইত স্থাপন নহল বন বিভাগৰ পিঞ্জৰা ৷ শনিবাৰে নিশাও বাঘৰ আক্ৰমণত নিহত হল এটা হালোৱা গৰুৰ ৷ জীৱিকাৰ মুল উৎস স্বৰূপ গৰুহালৰ এটা গৰু বাঘে নিধন কৰাত দুখত ভাগি পৰিছে গৃহস্থ ৷ কিয়নো গৰুহালেই সকলো আছিল পৰিয়ালটোৰ বাবে ৷ পৰিয়ালটোৰ জীৱিকাৰ মুল অস্ত্ৰস্বৰূপ গৰুহালৰ এটা গৰুৰ চকুৰ সন্মুখতে মৃত্যু হোৱাত পৰিয়াল পোহপাল দিয়াৰ ক্ষেত্ৰতো শোকত ভাগি পৰিছে পৰিয়ালটোৰ মুখ্য লোকজন ৷ গৰু মৰাৰ লগতে আমাৰ পেটও মৰিল বুলি মত প্ৰকাশ পৰিয়াটোৰ সদস্যৰ ৷ইফালে বনকৰ্মীৰ এনে গুৰুত্বহীনতাত নিজৰ ভৱিষ্যতক লৈ আতংকিত হৈ পৰা গাওঁবাসীয়ে সন্ধিয়া হলেই সোমাব লাগে ঘৰত ৷ বন বিভাগক অতি সোনকালে পিঞ্জৰা স্থাপনৰ দাৱী গাওঁবাসীৰ ৷

Leave a Reply

Your email address will not be published. Required fields are marked *