অনিশ্চিত ভৱিষ্যতৰ আশংকাত কাজিৰঙাৰ শতাধিক পৰিয়াল

নিউজ ডেস্ক,কাজিৰঙা লাইভ, ২ ছেপ্তেম্বৰ : অনিশ্চিত ভৱিষ্যতৰ আশংকাত কাজিৰঙাৰ ২ নং শিলডুবি বৰবিল মিচিং গাঁৱৰ বাসিন্দা ৷প্ৰস্তাৱিত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সংযোজনত গাঁওখন অন্তৰ্ভুক্ত হোৱাৰ পাছত দুচিন্তাত পৰিছে গাঁও খনত বসবাস কৰা মিচিং জনগোষ্ঠীৰ লোক সকল ৷গাঁও খনৰ ৰাইজৰ অভিযোগ ৫০ বছৰৰ পূৰ্বে তেওঁলোকক অঞ্চলটো বসবাস কৰাৰ সুবিধা দিছিল চৰকাৰে ৷কিন্তু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সীমামূৰীয়া গাঁওখন কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সংলগ্ন কৰাৰ পৰিকল্পনা আৰম্ভ হোৱাৰ পাছত বন্ধ হৈ পৰিছে সকলো উন্নয়ন মূলক কামকাজ ।যাৰবাবে দুৰ্বিসহ জীৱন কটাব লগিয়া হৈছে গাঁও খনৰ বাসিন্দাই ৷বাট পথৰ দুৰৱস্থাই জিয়াতু ভোগাইছে বৰবিলৰ বাসিন্দাক ৷ ছাত্ৰছাত্ৰীৰ শিক্ষা গ্ৰহনৰ অৱস্থাও তথৈৱচ ৷পথৰ দুৰৱস্থাৰ বাবে জৰুৰী কালিন চিকিৎসা সেৱাৰ পৰাও বঞ্চিত এই সকল লোক ৷বোকাখাত সমষ্টিৰ অন্তৰ্গত গাঁওখনৰ ৰাইজৰ অভিযোগ স্থানীয় বিধায়ক অতুল বৰা নিৰ্বাচনৰ আগত গাঁওখনলৈ আহিছিল যদিও যোৱা পাঁচটা বছৰত এবাৰ মাত্ৰ কৰোনা কালিন সাহায্য বিতৰণৰ বাবেহে আহিল ৷ৰাইজৰ মতে জাতি মাতি ভেটিৰ কথা কোৱা চৰকাৰ খনে ভূমিপুত্ৰ সকলৰ উন্নয়নৰ বাবে চিন্তা কৰিব বুলি সকলোৱে আশা কৰিছিল যদিও সকলো ফুটুকাৰ ফেনত পৰিণত হ’ল ৷

Leave a Reply

Your email address will not be published. Required fields are marked *