নাট্য প্ৰৱৰ-শিল্পপ্ৰাণ চন্দ্ৰ ফুকনৰ স্মৃতি দিৱস উদযাপন।

গোলাপ শইকীয়াৰ প্ৰতিবেদন, কলিয়াবৰ, ২৮ আগষ্ট:

“বিষ্ণু ৰাভা
ফনী শৰ্মা
চন্দ্ৰ ফুকন বোপা।
এই তিনি পাহি
পাৰিজাতৰ
এটি অম্লান থোপা।”
উপৰোক্ত পংক্তিটো হৈছে ” চন্দ্ৰমঞ্চ ” কবিতাৰ। আধুনিক অসমৰ ৰঙ্গমঞ্চ আৰু নাট্য আন্দোলনত সদায় উজ্বলি থকা গূণী সকলৰ অন্যতম চন্দ্ৰ ফুকনৰ আজি স্মৃতি দিৱস। অসম বুৰঞ্জী খ্যাত নাওবৈচা ফুকন পৰিয়ালত ১৯০৯ চনৰ ২৭ আগষ্ট তাৰিখে নগাঁৱৰ আমোলাপট্টিত জন্মলাভ কৰি অসমীয়া সংস্কৃতিৰ নায়ক হৈ পৰা সেই গৰাকী স্বৰ্গীয় চন্দ্ৰ ফুকনৰ স্মৃতি দিৱস আজি কলিয়াবৰ মহকুমা প্ৰশাসনৰ ব্যৱস্থাপনাত আৰু কলিয়াবৰ শাখা সাহিত্য সভাৰ উদ্যোগত স্থানীয় অনুষ্ঠান-প্ৰতিষ্ঠান তথা ৰাইজৰ সহযোগত কলিয়াবৰৰ কুঠৰীস্থিত শিল্পপ্ৰাণ চন্দ্ৰ ফুকনৰ স্মৃতি ভৱন চৌহদত দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয়। পুৱা শিল্পপ্ৰাণ গৰাকীৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জনোৱা হয়‌। বৃহস্পতিবাৰে কলিয়াবৰ সাহিত্য সভাৰ সভাপতি হেমোধৰ হাজৰিকাৰ সভাপতিত্বত অনুষ্ঠিত স্মৃতিচাৰণ সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে অতিৰিক্ত উপায়ুক্ত তথা কলিয়াবৰৰ মহকুমাধিপতি বিতোপন নেওগ, বিশিষ্ট অতিথি হিচাপে ভূপেন শৰ্মা আৰু নিদিষ্ট বক্তা হিচাপে প্ৰশান্ত কুমাৰ শইকীয়া, সাহিত্যিক গুনীন হাজৰিকা, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক পি শিৱ কুমাৰে সভাত অংশগ্ৰহণ কৰে। স্মৃতিচাৰণ সভাতে কেইবাখনো গ্ৰন্থ উন্মোচন কৰা হয়। বুৰঞ্জীৰ পিয়লি ফুকনক নাটঘৰৰ মজিয়ালৈ আনি জীৱন্ত ৰূপ দি নাটকৰ চৰিত্ৰৰ মাজেৰে দৰ্শকৰ অন্তৰ জয় কৰা আদি এশ এবুৰি নাটকৰ চৰিত্ৰৰ অভিনয় কৰি নিজেই অভিনয় জগতত স্মৰণীয় হোৱা ব্যক্তি গৰাকীয়েই আছিল নাট্য প্ৰৱৰ -শিল্পপ্ৰাণ চন্দ্ৰ ফুকন। একাধাৰে সু-বক্তা, সু-অভিনেতা, কবি,সমাজ-সংগঠক, উদ্যোগী শিল্পপ্ৰাণ চন্দ্ৰ ফুকনে হালোৱা-হজুৱা, সহজ-সৰল- নিৰক্ষৰ মানুহখিনিক জীৱনৰ এটা প্ৰকৃত পথ দেখুৱাব বিছাৰিছিল। যি পথ আছিল সত্য,সুন্দৰ আৰু জ্ঞানৰ। ১৯৩৬ চনত কলিয়াবৰৰ কুঠৰীলৈ মৌজাদাৰ হিচাপে অহা চন্দ্ৰ ফুকনে ১৯৩৮ চনৰ পৰা নিজে কোৰ লৈ আনাৰসৰ বাগিচা পাতিছিল আৰু “গ্ৰীন ভিউ প্ৰডাক্ট “নামেৰে ফল সংৰক্ষণৰ উদ্যোগ স্থাপন কৰি প্ৰগতিশীল খেতিয়কৰ ভুমিকা পালন কৰি উন্নত পদ্ধতিৰে ধান খেতি, হাঁহ- কুকুৰা পালন, মৌ পালনেৰে আদৰ্শ কৃষকৰ স্বীকৃতি লাভ কৰিছিল। মিকিৰ ভাই-ভনী সকলৰ বুকুৰ মানুহ হৈ পৰা চন্দ্ৰ ফুকনে সমাজ ব্যৱস্থা উন্নত কৰিবলৈ চেষ্টা কৰাৰ লগতে শিক্ষা বিস্তাৰৰ কাৰণে অশেষ যত্ন কৰি গঢ়ি তুলিছিল এখন উচ্চ ইংৰাজী বিদ্যালয়। সৰু কুঠৰী গাওঁ খনক অসমৰ মানচিত্ৰত এটি সুন্দৰ বিন্দু কৰিব বিচৰা চন্দ্ৰ ফুকনে ১৯৭১ চনৰ ২৭ আগষ্ট দিনা নগাঁও তথা অসমৰ নাট্য জগতৰ চন্দ্ৰক আৱৰি লৈছিল ঘোৰ অমানিশাই। কুঠৰীৰ নিজ বাসগৃহতে নশ্বৰ জীৱনৰ সামৰণি মাৰি অনন্ত ধামলৈ গতি নাট্যপ্ৰৱৰ-শিল্পপ্ৰাণ চন্দ্ৰ ফুকনে। এইগৰাকী নাট্যপ্ৰৱৰ-শিল্পপ্ৰাণ চন্দ্ৰ ফুকনৰ ২৭ আগষ্টৰ একেটা দিনেই হৈছে তেখেতৰ জন্ম আৰু স্বৰ্গপ্ৰাপ্তিৰো দিন।

Leave a Reply

Your email address will not be published. Required fields are marked *