কাজিৰঙাত এজনী গঁড়ৰ মৃত্যু

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ২৭ আগষ্ট: কাজিৰঙাত গঁড়ৰ মৃত্যু ৷কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতি কাষৰীয়া অঞ্চলৰ পথাৰত চৰি থকা অৱস্থাতে মৃত্যু হয় এজনী মাইকী গঁড়ৰ ৷ বৃহস্পতিবাৰে পুৱা কহঁৰা বনাঞ্চলৰ সমীপৱৰ্তী ম’হপৰা দগাঁৱৰ পথাৰত বিচৰণ কৰি আছিল গঁড় জনী ৷ স্থানীয় লোকে পুৱা গঁড় জনী দেখা পাই বন বিভাগক খবৰ দিয়ে ৷বন বিভাগৰ লোক উপস্থিত হৈ গঁড় জনীক পহৰা দিয়াৰো ব্যৱস্থা কৰে ৷গঁড় জনী সুস্থ অৱস্থাত আছে বুলি বনকৰ্মীয়ে সাংবাদিকক জানিবলৈ দিছিল ৷ কিন্তু দুপৰীয়া ভাগত গঁড় জনী হঠাতে এটা পুখুৰীত ঢলি পৰে আৰু আৰু অলপ পাছতে গঁড় জনীৰ মৃত্যু হয় ৷ উদ্যান কৰ্তৃপক্ষই প্ৰকাশ কৰা মতে গঁড় জনীৰ বাৰ্ধক্য জনীত কাৰণত মৃত্যু মুখত পৰে ৷খৰ্গটো উদ্ধাৰ কৰে বনকৰ্মীয়ে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *