অসাৰ কৃষিমন্ত্ৰীৰ চাৰি বছৰ পূৰ্বৰ প্ৰতিশ্ৰুতি। বোকাখাতৰ জাপৰি পথাৰ অঞ্চলত পথ নিৰ্মাণত নামিল গাঁও বাসী।

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ২৫ আগষ্ট: অসাৰ হল নিৰ্বাচনী প্ৰতিশ্ৰুতি। আকৌ পালেহি নিৰ্বাচন।সেয়েহে জন প্ৰতিনিধিলৈ অপেক্ষা নকৰি নিজে নামিল পথ নিৰ্মাণত। প্ৰতিশ্ৰুতি নাৰাখিলে কৃষিমন্ত্ৰী তথা বোকাখাত সমষ্টিৰ বিধায়ক অতুল বৰাই। কৃষিমন্ত্ৰী অতুল বৰাৰ গৃহ সমষ্টি বোকাখাতৰ জাপৰি পথাৰ অঞ্চলত জৰাজীৰ্ণ পথ স্থানীয় লোকে শ্ৰমদান কৰি নিজেই মেৰামতিৰ কৰিব লগা হৈছে ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাষতে থকা জাপৰি পথাৰ গাওঁৰ এক মাত্ৰ পথতো বিগত সময়ত কোনো ধৰণৰ চৰকাৰী আঁচনিয়ে ঢুকি পোৱা নাই ৷ বাৰিষাতো বাদেই খৰলি কালতো জাপৰি পথাৰৰ জনসাধাৰণে অতি কষ্টৰে যাতায়ত কৰিব লগা হয় ৷ বাৰিষা কৰ্দযময় হৈ পৰা এই পথেৰে চিকিৎসাৰ বাবে চিকিৎসালয়লৈ ৰোগীক নিয়াতো এক দুসাধ্যৰ কাম ৷ একাঠু বোকাৰে বিদ্যালয়লৈ যাব লগা হয় ছাত্ৰ ছাত্ৰী ৷ বহি বিশ্বৰ লগত সংযুক্ত এই পথৰ ওপৰত থকা একমাত্ৰ কালভাৰ্টোও নিম্ন মানৰ হোৱাৰ বাবে শেহতীয়া বানে উটুৱাই নিয়ে ৷ যাৰবাবে আৰু বেছি কষ্টকৰ হৈ পৰে গাওঁবাসীৰ জীৱন ৷ চৰকাৰী বিভাগ বা সমষ্টিৰ বিধায়ক কৃষি মন্ত্ৰী অতুল বৰাৰ অনুগ্ৰহৰ বাবে বাট নেচাই গাওঁৰ ডেকা বুঢ়া , গাভৰু মহিলা সকলো ওলায় আহি শ্ৰম দান কৰি পথ নিৰ্মান কৰে ৷ বিগত বিধান সভাৰ নিৰ্বাচনৰ পুৰ্বে ভোট বিচাৰি জাপৰি পথাৰলৈ অহা কৃষিমন্ত্ৰী অতুল বৰাই জাপৰি পথাৰৰ এই পথটো প্ৰথমতেই নিৰ্মান কৰিব বুলি ৰাইজক প্ৰতিশ্ৰুতি দিছিল যদিও এই প্ৰতিশ্ৰুতি আজিও পুৰণ নকৰিলে ৷ যাৰ বাবে এতিয়া কৃষিমন্ত্ৰী গৰাকীৰ ওপৰতো ক্ষোভ প্ৰকাশ কৰিছে ৰাইজে ৷ উপায়হীন হৈ জাপৰি পথাৰৰ ৰাইজে এতিয়া নিজেই হাতে কামে লাগি পথ মেৰামতি কৰে ৷ জাপৰি পথাৰৰ ক্ষোভিত ৰাইজে এতিয়া জন প্ৰতিনিধিৰ ওপৰত আস্থা হেৰুৱাই আগন্তুক বিধানসভা নিৰ্বাচনত ভোট বৰ্জন কৰিব বুলি মত প্ৰকাশ কৰিছে ৷ এতিয়া প্ৰশ্ন হয় বিগত বিধান সভা নিৰ্বাচনত এই সকল সহজ সৰল লোকক ভুৱা প্ৰতিশ্ৰুতি দি গাদী দখল কৰা মন্ত্ৰী অতুল বৰাই কিদৰে এইবাৰ ভোটাৰৰ কাষ চাপিব।

Leave a Reply

Your email address will not be published. Required fields are marked *