ৰেড ক্ৰছৰ ত্ৰিপাল বিতৰণ

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ২২ আগষ্টঃ বোকাখাতৰ কুৰুৱাবাহী আৰু দিচৈ পঞ্চায়তৰ অন্তৰ্গত ১০ টা ৰাজহুৱা অনুষ্ঠানলৈ ভাৰতীয় ৰেড ক্ৰছ চছাইটিৰ উদ্যোগত আজি ত্ৰিপাল বিতৰণত কৰা হয় । সংস্থাটোৰ যোৰহাট শাখাৰ সাধাৰণ সম্পাদক দীপক চক্ৰৱৰ্তীৰ পৃষ্ঠপোষকতাত, আজীৱন সদস্য চন্দন বৰা আৰু সদস্য ৰিতু বৰুৱাৰ উপস্থিতিত মৰিয়াহোলাত উপস্থিত অনুষ্ঠান সমূহৰ বিষয়-ববীয়াৰ হাতত বানাক্ৰান্ত অঞ্চলত ৰাজহুৱা ব্যৱহাৰৰ বাবে ত্ৰিপাল সমূহ বিতৰণ কৰে । আদৰ্শ গাঁও হৰি মন্দিৰ, নিকৰি দুৰ্গা মন্দিৰ, মিছামৰীয়া বৰ নামঘৰ, মিছামৰীয়া সৰু নামঘৰ,মৰিয়াহোলা মুৰং ঘৰ, চমজানা ক্লাব, চ’গুৰি দুৰ্গা মন্দিৰ, হাঁহচৰা হৰি মন্দিৰ, কুটুম চুবুৰী হৰি মন্দিৰ, যোগনীয়া নাট ঘৰক এই ত্ৰিপাল খিনি বিতৰণ কৰে । বিতৰণৰ পূৰ্বে জৰুৰী অৱস্থাত এই ত্ৰিপালেৰে কেনেকৈ তৎক্ষণাৎ এটা ঘৰ সাঁজিব পাৰে তাকো প্ৰদৰ্শন কৰা হয় ৷ অনুষ্ঠানত উপস্থিত থাকি জ্যেষ্ঠ সাংবাদিক বুবুল দত্তই ৰেড ক্ৰছৰ এনে প্ৰচেষ্টাক প্ৰশংসা কৰে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *