আজি মহাপুৰুষ শংকৰদেৱৰ ৪৫২ সংখ্যক তিৰোভাৱ তিথি। ভক্তিৰসত বুৰ গ’ল কাজিৰঙা

মনোজ প্ৰতিম শইকীয়া,কাজিৰঙা লাইভ,২০ আগষ্ট :
অসমীয়া সমাজ জীৱন তথা সাহিত্য-সংস্কৃতিৰ পিতৃস্বৰূপ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আজি তিৰোভাৱ তিথি ।ভক্তি আন্দোলনৰ সূচনা কৰি অন্ধবিশ্বাস,কু-সংস্কাৰ আঁতৰ কৰি এখন সুস্থিৰ সমাজ গঠন কৰাত প্ৰধান হোতা গুৰুজনাক হৰিনাম কীৰ্তনেৰে ভক্তপ্ৰাণ ৰাইজে সোঁৱৰন কৰিছে ৰাজ্যজুৰি। মহাপুৰুষ শ্ৰী মন্ত শংকৰদেৱৰ সান্নিধ্য লাভ কৰা চেচা গোসাইয়ে কাজিৰঙাৰ বেজগাওঁ অঞ্চলত বসতি লৈছিল আৰু পূৰ্বৰ বুঢ়া লোকসকলৰ মতে গোসাইৰ দেউতাকক বেজগাওতে সমাধিস্থ কৰিছিল ৷ আনহাতে অঞ্চলটোতে বহু মুল্যবান সা-সামগ্ৰীৰ লগতে কেইবাটাও টকাৰ কলহ উদ্ধাৰ কৰিছিল বয়োজেষ্ঠ লোকসকলে ৷ ইয়াৰ পাছতে ৰাইজে কলহসমুহ গোটাই লৈ আৰাধনা কৰিছিল বুলি জনবিশ্বাস আছে৷ কিন্তু ইয়াৰ পাছতে কাজিৰঙাত হোৱা প্ৰলয়ংকৰী বানে উতোৱাই লৈ যায় সকলো সামগ্ৰীৰ লগতে টকাৰ কলহসমুহ ,থাকি যায় কেৱল মাত্ৰ এটা শিলৰ চাকি পূৰ্বপুৰুষৰ লোকসকলৰ মতে সেই অঞ্চলটোত ৰাইজে চেচা গোসাই থান হিচাপে সেৱা আগবঢ়াই আহিছে ৷আজিৰ দিনটোতো গাওঁৰ লোকসকলে পুৱাতে আহি সকলোৰে কুশল মংগলৰ কামনাৰ্থে নেদেখা জনৰ ওচৰত ধুপ দ্বিপ নৈবদ্য আগবঢ়োৱা পৰিলক্ষিত হৈছে ৷তদুপৰি জনপ্ৰতিনিধিক আৱেদন কৰি বিফল হোৱা গাওঁৰ ৰাইজসকলে সাধ্য অনুযায়ী নিজে নামঘৰ স্থাপন কৰিছিল যদিও বানে উতুৱাই লৈ যায় ৷ উপায়ন্তৰ হৈ অস্থায়ী মণ্ডপ স্থাপন কৰি তেওলোকে উদযাপন কৰি আহিছে তিথিসমুহ ৷

Leave a Reply

Your email address will not be published. Required fields are marked *