বান, কৰণাৰ পিছত কাজিৰঙাত জলাতংক

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ২০ আগষ্ট: কৰণা ভাইৰাছ ,বানৰ সংহাৰৰ পাছত কাজিৰঙালৈ আহিছে আন এক ভয়ানক বিপদ ৷ঘৰচীয়া জীৱজন্তুৰ শৰীৰত ধৰা পৰিছে ভয়ানক জলাতংক ৰোগ ৷কাজিৰঙাৰ ৰঙাজান,পিলখানা,মিহিমুখ আদি অঞ্চলত ইতিমধ্যে জলাতংকত আক্ৰান্ত হৈছে ১৬ টাৰো অধিক পশুধন ৷ পশু চিকিৎসকৰ মতে সাধাৰণতে জলাতংক ৰোগত আক্ৰান্ত কুকুৰৰ পৰা এই ৰোগ বিয়পে যদিও আক্ৰান্ত অঞ্চল সমূহত এনে কুকুৰ স্থানীয় লোকে প্ৰত্যক্ষ কৰা নাই ৷এনে ক্ষেত্ৰত চিকিৎসকে সন্দেহ কৰা মতে বন্যজন্তুৰ পৰা ঘৰচীয়া জীৱজন্তুলৈ এই ৰোগ সংক্ৰমিত হৈছে ৷সন্দেহ কৰা মতে বানৰ সময়ত ঘৰচীয়া জীৱজন্তুৰ চৰণীয়া পথাৰৰ অভাৱ হোৱাত জন্তু সমূহ কাৰ্বি পাহাৰৰ নামনিত চৰাবলৈ নিয়া হৈছিল ৷তাতে শিয়াল,জহামাল বা এন্দুৰৰ পৰা ঘৰচীয়া জন্তুলৈ জলাতংকৰ সংক্ৰমন হৈছে ৷কাজিৰঙাৰ বন্যজন্তুলৈ জলাতংক সংক্ৰমনৰ আশংকাত ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই বিভাগীয় হাতী সমূহক প্ৰতিষেধক বেজি দিয়াৰ কাম আৰম্ভ কৰিছে ৷কাৰণ এই হাতী সমূহ বিভিন্ন কাৰণত ঘৰচীয়া জীৱ জন্তুৰ সংস্পৰ্শলৈ আহিব লগীয়া হয় ৷তদুপৰি বিভাগীয় হাতীৰ পৰা যাতে ৰাষ্ট্ৰীয় উদ্যানৰ বন্যজন্তুৰ জলাতংকৰ সংক্ৰমন হ’ব নোৱাৰে তাৰ বাবে আগতীয়াকৈ ব্যৱস্থা গ্ৰহণ কৰিছে উদ্যান কৰ্তৃপক্ষই ৷কিন্তু আক্ৰান্ত ঘৰচীয়া জন্তুৰ পৰা আন জন্তু বা মানুহলৈ এই ৰোগ সংক্ৰমণ হোৱাৰ আশংকাই আতংকৰ সৃষ্টি কৰিছে কাজিৰঙাত ৷চিকিৎসকৰ মতে ইয়াৰ প্ৰতিষেধক আছে যদিও বহু ব্যয় বহুল ৷গতিকে চৰকাৰে অতি শীঘ্ৰে ইয়াৰ ব্যৱস্থা গ্ৰহণ নকৰিলে ভয়াবহ পৰিস্থিতিৰ উদ্ভৱ হোৱাৰ সম্ভাবনা প্ৰকট হৈ পৰিছে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *