জখলাবন্ধাবা পাহাৰগুৰিত তীব্ৰবেগী বাহনে মহতিয়ালে বনৰীয়া ম’হ

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ১৯ আগষ্ট: তীব্ৰবেগী বাহনে মহতিয়ালে বনৰীয়া ম’হ ৷ যোৱা নিশা সংঘটিত হৈছে এই ঘটনা ৷ নিশা প্ৰায় ৯ বজাত কলিয়াবৰ মহকুমাৰ জখলাবন্ধা থানা এলেকাৰ পাহাৰগুৰিত ৩৭ নং ৰাষ্ট্ৰীয় পথত কাজিৰঙাৰ পৰা খাদ‍্যৰ সন্ধানত ওলাই অহা এটা বনৰীয়া ম’হক খুন্দিয়াই এখন তীব্ৰবেগী বাহনে । স্থানীয় লোকে জানিব দিয়া অনুসৰি তীব্ৰবেগী এ এচ ০১ বি বি ৬১৮১ নম্বৰৰ আৰটিগা বাহনখনে যোৰহাটৰ দিশৰ পৰা নগাঁও দিশে গৈ থকাৰ সময়তে প্ৰচণ্ড জোৰত পথ অতিক্ৰম কৰিব বিচৰা গোনা ম’হটোক খুন্দা মাৰি দিয়াৰ ফলত ম’হটো গাড়ীৰ ওপৰত পৰি যোৱাৰ পাছত আহত ম’হটো পুনৰ সমীপতে থকা কুকুৰাকটা পাহাৰৰ দিশে গুছি যায় । আনহাতে স্থানীয় লোকৰ খবৰৰ ভিত্তিত বাহনখন জখলাবন্ধা আৰক্ষীয়ে থানালৈ নিয়ে যদিও বৰ্তমানলৈকে কাজিৰঙাৰ বন বিভাগক অবগত কৰা নাই । যিহেতু কাজিৰঙা অঞ্চলত বন‍্যপ্ৰাণী খুন্দিয়ালে নতুন আইন অনুসৰি গোচৰ ৰুজু হোৱাৰ লগতে জৰিমনা বিহাৰো ব‍্যৱস্থা আছে । এইক্ষেত্ৰত জখলাবন্ধা আৰক্ষীয়ে বন বিভাগক অবগত নকৰা বিষয়টোৱে বন‍্যপ্ৰাণী সুৰক্ষা আইনক ভেঙুচালি কৰা বুলিহে ৰাইজৰ মাজত চৰ্চা হৈছে ।

Leave a Reply

Your email address will not be published. Required fields are marked *