বোকাখাত ব্লক কংগ্ৰেছৰ সম্পাদক জিতু শইকীয়াৰ কঠিয়া বিতৰণ

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ১৮ আগষ্ট: বুধবাৰে পুৱাৰে পৰা বোকাখাতৰ খতিয়াখলি পশু চিকিৎসা কেন্দ্র চৌহদত দ্বিশতাধিক বানাক্ৰান্ত কৃষকৰ ভিৰ। বানাক্ৰান্তৰ কৃষকৰ বাবে কঠিয়া পাৰিছিল বিশিষ্ট যুৱ সমাজ কৰ্মী, বোকাখাত ব্লক কংগ্ৰেছৰ সাধাৰণ সম্পাদক জিতু শইকীয়াই।আজি কৃষকৰ মাজত বিতৰণ কৰে কঠিয়া। বোকাখাতৰ বাগিছা কেন্দ্ৰীক পঞ্চায়ত সমূহৰ বাদে প্ৰায় ১৫ খন পঞ্চায়তৰ ৰাইজ জিতু শইকীয়াৰ কঠিয়া নিবলৈ পুৱাৰ পৰাই সমবেত হয় খতিয়াখলিত। প্ৰায় ২০০ লোকে তোলে কঠিয়া। বোকাখাত ব্লক কংগ্ৰেছৰ বিষয় ববীয়াৰ লগতে স্হানীয় ৰাইজে সহযোগিতা কৰে সমগ্র ব্যৱস্থাপনাত।ৰাজনৈতিক চিন্তা একাষৰীয়া কৰি সৰ্বস্তৰৰ বানাক্ৰান্ত ৰাইজে সংগ্রহ কৰিলে কঠিয়া। সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত জিতু শইকীয়াই কয় যে, ছাত্ৰাৱস্থাৰ পৰাই সমাজ সেৱাত আত্ম নিয়োগ কৰা শইকীয়াই ৰাজনৈতিক জীৱনতো ওচৰৰ পৰা দেখিছে বানাক্ৰান্তৰ দুৰ্দশা।সেয়েহে সামান্য সকাহৰ বাবে লোৱা হ’ল এই ব্যৱস্থা। বোকাখাতৰ বিধায়ক, কৃষি মন্ত্ৰী অতুল বৰাক সমালোচনা কৰি শইকীয়াই কয়, মন্ত্রী গৰাকীয়ে বোকাখাত সমষ্টিৰ কৃষকৰ বাবে নকৰিলে কোনো ইতিবাচক ব্যৱস্থা। নহ’ল শীতলীকৰণ কেন্দ্ৰ। বোকাখাতৰ বাবে উপযোগী প্ৰতিটো সুবিধা লৈ যোৱা হৈছে গোলাঘাটলৈ। উল্লেখ্য যে আজি বিতৰণ কৰা কঠিয়াৰে ২০০ বিঘা মাটিত শালি খেতি কৰিব পাৰিব কৃষকে।

Leave a Reply

Your email address will not be published. Required fields are marked *