বোকাখাত সমষ্টি অনুসূচীত জাতিৰ লোকৰ বাবে সংৰক্ষিত কৰাৰ দাবী।

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ২০ আগষ্ট: অসম অনুসূচীত জাতি সমম্বয়ৰক্ষী উন্নয়ণ সমিতিৰ বোকাখাত জিলা সমিতিয়ে ৯৩ নং বোকাখাত বিধান সভা সমষ্টিটো অনুসূচীত জাতিৰ লোকৰ বাবে সংৰক্ষিত কৰাৰ দাবী কৰিছে। আজি এক সংবাদ মেলত মূখ্য উপদেষ্টা বকুল হাজৰিকাই কয় যে ১৯৫২ চনৰ পাচত বোকাখাত সমষ্টি দুবাৰকৈ সংৰক্ষণ কৰাৰ বাবে অনুৰোধ কৰাৰ পাছত দেৰগাঁও সমষ্টিৰ বাবেহে সংৰক্ষণ কৰা হয়। বোকাখাত সমষ্টি সকলোৰে বাবে মুকলি কৰি ৰখা হয় ৷ বৰ্তমান ৪০০০০ জনসংখ্যাৰ অনুসূচীত জাতিৰ লোকৰ আবাসভূমি এই সমষ্টি ৷ সেয়ে ২০২১চনৰ বিধান সভা নিৰ্বাচনৰ আগতে পুনৰ এই সমষ্টিটোৰ সংৰক্ষণ কৰাৰ দাবী কৰিছে। মুঠ ১৭টা দাবীৰ ভিতৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গণহত্যা বন্ধ কৰা, অনুসূচীত জাতি স্বায়ত্ত-শাসন পৰিষদ গঠন, গৰাখহনীয়া প্ৰতিৰোধ আদি আছে। আজি সংবাদ মেলত মনোজ দাস, ভূপেন দাস, ৰাতুল দাস, অপূর্ব দাস, ভৰত ৰবিদাস আদি উপস্থিত থাকে। বিশেষ কাৰ্যনিবাহক অনুষ্ঠিত হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *